হায় মানৱ জাতি! যাত্ৰীৰ সন্মুখতে ৰে’লত মহিলাক ধৰ্ষণ; চাই থাকিল কিন্তু নাহিল সহায়ৰ বাবে
বুধবাৰে নিশা এগৰাকী মহিলাক ছেপ্টা (The Southeastern Pennsylvania Transportation Authority) মাৰ্কেট-ফ্ৰেংকফৰ্ড এলিভেটেড ৰে’লত আন যাত্ৰীৰ উপস্থিতিত ধৰ্ষণ (Rape) কৰা হৈছিল।
ধৰ্ষণৰ এই ঘটনাই সমগ্ৰ বিশ্বৰে মানৱ জাতিক লজ্জিত কৰিছে। ৰে’লত যাত্ৰা কৰি থাকোতে যাত্ৰীৰ সন্মুখতে এগৰাকী যুৱতীক (Women) ধৰ্ষণ কৰে। ৰে’লখনত উপস্থিত থকা আন যাত্ৰীসকলে কিন্তু সহায়ৰ সলনি চকু মুদি থাকিল।
ধৰ্ষণৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰল ৰে’লখনত থকা বিশেষ কেমেৰাত। আৰক্ষীয়ে ঘটনা দেখি নিজেও নিঃসহায় অনুভৱ কৰাৰ লগতে মানুহৰ কাণ্ড দেখি আচৰিত মানিছে। এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ দৰে এখন উন্নত দেশৰ। য’ত সকলো যাত্ৰীয়ে কেৱল যুৱতীৰ লগত হোৱা সকলো কাণ্ডৰ নিৰৱ দৰ্শক হৈ থাকে।
সামৰ্থ্য থকাৰ পিছতো কোনো এজন লোকেও ধৰ্ষণকাৰীৰ পৰা যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহিল । ঘটনা সংঘটিত হয় নিশা প্ৰায় ১১ মান বজাত। পিছে ঘটনা সন্দৰ্ভত ৰে’ল বিভাগে সেই চাৰ্ভিচ কেমেৰাৰে সকলো দৃশ্য দেখাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে লগে লগেই পিছৰটো ৰেল ষ্টেচনত উপস্থিত হৈ ৩৫ বৰ্ষীয় ফিষ্টন নামৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত ঘৃণনীয় কাণ্ডত হাত সাৱতি বহি থকাতো মানৱ জাতিৰ বাবে অতি লজ্জাজনক।
Photo: Google
Discussion about this post