ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনাত ৮ জন লোক নিহত হৈছে। আনহাতে আন ১৪জন লোক আহত। ৰাছিয়াৰ পাৰ্মত পাৰ্ম ষ্টেট ইউনিভাৰ্চিটিত ( Russia shooting) এজন লোকে নিৰ্বিচাৰ গুলীচালনা(Firing) কৰে।
গুলীৰ পৰা বাচিবলৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে কোঠাত নিজকে বন্দী কৰি ৰাখে। কিছুমান লোকে বিল্ডিঙৰ পৰা জঁপিয়াই দিয়ে। আক্ৰমণকাৰীজনক হত্যা কৰা হৈছে। আক্ৰমণকাৰীজন একেখন পাৰ্ম ষ্টেট ইউনিভাৰ্চিটিৰ ছাত্ৰ বুলি কোৱা হৈছে। অৱশ্যে, এইটো এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই।
অৱশ্যে, ৰাছিয়াৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে আগতে এক বিবৃতিত কৈছিল যে বন্দুকধাৰীজনক জিম্মাত লোৱা হৈছে। পিছত তেওঁ নিহত হোৱাৰ খবৰ পোৱা গৈছিল৷ ঘটনাটোৰ পিছত তদন্ত সমিতিয়ে হত্যাৰ তদন্ত আৰম্ভ কৰিছে ৷ ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে গুলীচালনাত কিছুমান লোক আঘাতপ্ৰাপ্ত হৈছিল আৰু ভৱনটোৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰাৰ সময়ত আহত হোৱা লোকসকলক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Photo: Google
Discussion about this post