Optical Illusion Viral Photo: শেহতীয়াকৈ, কেইবাখনো মগজুক বিভ্ৰান্তত পেলোৱা অপ্টিকেল ইলিউছন (Optical Illusion) ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে, যিবোৰ চাই নেটিজেনসকলে মূৰ খজোৱাবলৈ বাধ্য হৈ পৰিছে। সেয়া কোনো সাঁথৰৰ ছবিয়েই হওক বা পেইণ্টিঙৰ ভিতৰত লুকাই থকা কিবা বস্তু, অপ্টিকেল ইলিউছন সমাধান কৰাটো সদায়ে আনন্দদায়ক। আন এখন ছবি ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Photo) হৈ আছে যিয়ে মানুহক প্ৰত্যাহ্বান জনাইছে যে তেওঁলোকে ছবিখনত লুকাই থকা হাতীটো দেখা পাইছে নে? এই পাজলটো আটাইতকৈ কঠিন, কিয়নো মানুহে দাবী কৰে যে তেওঁলোকে ঘণ্টা ধৰি ছবিখন চালে কিন্তু উত্তৰটো বিচাৰি নাপালে।
আপুনি এই ছবিখনত দেখা পাইছেনে প্ৰকাণ্ড হাতীটো
দাবী কৰা হৈছে যে ১০০ জন লোকৰ ভিতৰত মাত্ৰ এক শতাংশই প্ৰথম দৃষ্টিতে ছবিখন চোৱাৰ পিছত উত্তৰ জনাইছিল, আনহাতে বহুতে কেইবা ঘণ্টা সময় লৈছিল। কিছুমান মানুহে বাৰে বাৰে ছবিখন চোৱাৰ পিছতো উত্তৰটো বিচাৰি উলিয়াব নোৱাৰিলে। এই ছবিখনত, আপুনি এজন মানুহক হাতত বন্দুক লৈ থকা দেখিব পাৰে। ছবিখনত চাৰিওফালে ঘন অৰণ্য আৰু গছ দেখা পোৱা গৈছে। পিছফালে আৰু কেইজনমান সৈনিকে হাতত বন্দুক লৈ ঘূৰি আছে। আপুনি বিচাৰি উলিয়াব লাগিব যে হাতীটো এই ছবিখনত ক’ত লুকাই আছে। ফটোখন টিকটক ষ্টাৰ হেকটিক নিকে শ্বেয়াৰ কৰিছিল। তেওঁ দৰ্শকসকলক এই ইলিউছনটো সমাধান কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।
যদি আপুনি এতিয়াও ইয়াক বিচাৰি পোৱা নাই চেন্তে এই কৌশলটো চেষ্টা কৰক
অপ্টিকেল ইলিউছনৰ (Optical Illusion) ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিলে, কেৱল এক শতাংশ লোকেহে লুকাই থকা হাতীটো বিচাৰি পাইছে।’ এয়া ইমান সহজ নহয়, কিন্তু নিজৰ ফোনটো ওলোটা কৰি চাওক হয়তো আপুনি ইয়াক বিচাৰি পাব পাৰে।
Photo: Zee News
Discussion about this post