Maggots in Pizza: আমি সকলোৱে পিজ্জা খাবলৈ ভাল পাওঁ। পাৰ্টি কৰিবলৈ হওঁক বা জন্মদিন উদযাপন কৰিবলৈ হওঁক, আজিকালি সকলোৱে পিজ্জাৰ অৰ্ডাৰ দিয়ে আৰু ইয়াক উপভোগ কৰে। কিছুমান লোকে পিজ্জা ইমানে ভাল পায় যে তেওঁলোকে ইয়াক খাবলৈ কোনো ধৰণৰ সুযোগ এৰি নিদিয়ে। কিন্তু আজি আমি যিটো খবৰ ক’বলৈ ওলাইছো, সেই খবৰটো জানি হয়টো আপুনি পিজ্জা খাবলৈ এশবাৰ ভাবিব।
লোকজনে এটা ডাঙৰ ব্ৰেণ্ডৰ পৰা পিজ্জা অৰ্ডাৰ কৰিছিল
নিউজিলেণ্ডৰ (New Zealand) এজন লোকে দাবী কৰিছে যে তেওঁ এটা বিখ্যাত ব্ৰেণ্ডৰ পৰা পিজ্জা অৰ্ডাৰ (Pizza Order) কৰিছিল, য’ত জীৱিত পোক পোৱা গৈছিল। লোকজনে ছচিয়েল মিডিয়া প্লেটফৰ্মত (Social Media Photo Share) কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। এই ফটোবোৰত পিজ্জাত পোক দেখা পোৱা গৈছে। লোকজনৰ মতে, এই পোকবোৰ পিজ্জাত চলাচল কৰা দেখা গৈছিল। সেয়া কেৱল এটা-দুটা পোক নাছিল, পিজ্জাত পোকৰ এটা দ’ম আছিল।
নিউজিলেণ্ড (New Zealand) হেৰাল্ড ৱেবছাইটৰ বাতৰি অনুসৰি, নিউজিলেণ্ডৰ (New Zealand) অকলেণ্ডৰ এজন লোকে বিখ্যাত ব্ৰেণ্ডৰ পিজ্জাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ (Social Media Photo Share) কৰিছে। এই ফটোবোৰ চোৱাৰ পিছত আপুনি হয়টো কেতিয়াও পিজ্জা খাব নোৱাৰিব। এই ফটোবোৰ চোৱাৰ পিছত হয়টো আপোনাৰো ঘীণ লাগিব পাৰে। লোকজনে ক’লে যে তেওঁ নিজৰ বাবে পিজ্জা অৰ্ডাৰ কৰিছিল। যেতিয়া পিজ্জা ঘৰ আহি পালে তেতিয়া তেওঁ খাবলৈ খুলিলে।
পিজ্জাত খোজ কাঢ়ি থকা জীৱিত পোক দেখা পালে
লোকজনে কৈছিল যে পিজ্জা খোৱাৰ সময়ত তেওঁ আচৰিত হৈ উঠিছিল। লোকজনে পোক পিজ্জাৰ ভিতৰত খোজকাঢ়ি থকা দেখিছিল। লোকজনে কৈছিল যে পিজ্জাত এটা পোক নাছিল, পোকৰ দ’ম আছিল। লোকজনৰ নাম ৰেজিনাল্ড থালাৰী। লোকজনে কৈছিল যে তেওঁ চাৰিটা পিজ্জাৰ অৰ্ডাৰ (Pizza Order) দিছিল। তেওঁৰ কৰ্মচাৰীৰ সৈতে তেওঁ পিজ্জা উপভোগ কৰিব বিচাৰিছিল। তেওঁ পিজ্জাৰ কেইটামান টুকুৰাও খাইছিল। তাৰ পিছত তেওঁ কেইটামান টুকুৰাত সৰু-সৰু পোক খোজকাঢ়ি থকা দেখা পাইছিল। যেতিয়া তেওঁ ভালদৰে চাইছিল, তেওঁ বমি কৰি দিছিল।
Photo: Zee News
Discussion about this post