চীন (China)ৰ ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ (Social Media Influencer) লুও চাও মাও জি (Luo Xiao Mao Mao Zi)ৰ কীটনাশক দৰৱ সেৱন কৰাৰ পিছত মৃত্যুক সাৱটি লৈছিল। এই ঘটনাটো ছচিয়েল মিডিয়াত লাইভ ষ্ট্ৰীমিং (Live Streaming)ৰ সময়ত সংঘটিত হৈছিল। কিন্তু কিছুমানে কয় যে ২৫ বছৰীয়া লুও হতাশাত ভুগি আছিল যি দীৰ্ঘদিন ধৰি চাপপূৰ্ণ জীৱন যাপন কৰি আহিছিল।
অবসাদত আত্মহত্যা নে প্ৰৰোচনাত মৃত্যু?
ছচিয়েল মিডিয়াত পৰিয়াল আৰু কেইজনমান ভাল বন্ধুৰ বাদে, কোনোৱে কাৰো কথা চিন্তা নকৰে। যিসকল লোকে আপোনাক ফলো কৰে, হয়টো তেওঁলোকৰো আপোনাৰ মৃত্যুত প্ৰভাৱ নপৰে। এইষাৰ কথা কোৱাৰ কাৰণেই হ’ল যে, যুৱ প্ৰজন্মৰ প্ৰিয় এইগৰাকী মডেলক তেওঁৰে ফলোৱাৰ্ছে জীৱন্ত কীটনাশক পান কৰিবলৈ প্ৰৰোচিত কৰিছিল আৰু এনে কৰাৰ পিছত তেওঁৰ মৃত্যু হৈছিল। লুওই প্ৰদৰ্শনৰ বাবে কীটনাশক দৰৱ পান কৰিছিল। তেওঁ নিজৰ বাবে এম্বুলেঞ্চো মাতিছিল, কিন্তু তেতিয়ালৈকে বহুত পলম হৈ গৈছিল।
এসপ্তাহ পূৰ্বে হৈছিল এই ঘটনা
ডেইলী ষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, লুওৰ এজন ঘনিষ্ঠ বন্ধুৰ মতে, তাই যোৱা কেইবামাহ ধৰি তাইৰ প্ৰেমিকৰ বাবে অশান্তিত ভুগি আছিল। সেইদিনাও কীটনাশক দৰৱ খাই তাইৰ মৰাৰ উদ্দেশ্য নাছিল, কিন্তু কেৱল তাইৰ প্ৰেমিকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছিল। যেতিয়া ৬,৭০,০০০ তকৈও অধিক অনুসৰণকাৰী থকা লুওৱে বিহপান কৰিছিল, তেতিয়া হাজাৰ হাজাৰ লোকে তাইক লাইভ চাই আছিল। কিন্তু সেই সময়ত কোনেও তেওঁক এই বিপদজনক পদক্ষেপ লোৱাৰ পৰা বাধা দিয়া নাছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/assam-petrol-pumps-not-closed-for-48-hours-in-assam/3776/
Discussion about this post