ছৌদি আৰৱৰ (Saudi Arabia) আল ৰোমাইজান গোল্ড এণ্ড জুৱেলাৰীয়ে (Al Romaizan Gold and Jewellery) এই অতিৰিক্ত সোণৰ চাইকেলখন শ্বাৰজাহত অনুষ্ঠিত হোৱা ৫২ সংখ্যক “ঘড়ী আৰু অলংকাৰ মধ্যপ্ৰাচ্য প্ৰদৰ্শনীৰ” ( Watch & Jewellery Middle East Show) বিপণীত প্ৰদৰ্শন কৰা হয়।
এই সমৃদ্ধিশালী নিখুঁত কাৰুকাৰ্য্যত আল ৰোমাইজানৰ ((Al Romaizan) ২০ জনীয়া বিশেষজ্ঞৰ এটা দল জড়িত আছিল । ইয়াক জীৱন্ত ৰূপ দিবলৈ সময় লাগিছিল ছমাহ। ড্ৰপ হেণ্ডেলবাৰৰ (drop handlebars) পৰা আৰম্ভ কৰি হুইল ষ্টে (wheel stays) আৰু গিয়াৰ চেইন ৰিজলৈকে (gear chain ridges) সকলোখিনি মুঠ ২৪ কেৰেট সোণৰে নিৰ্মাণ কৰা হৈছে। ৩ কোটি মূল্যৰ এই সোণৰ চাইকেলখনৰ মুঠ ওজন ৭ কিলোগ্ৰাম।
আল ৰোমাইজানৰ মুখ্য ডিজিটেল বিষয়া মহম্মদ আব্বাছিয়ে (Mohammad Abbasi) সংবাদ মাধ্যমক জনোৱা মতে, এই সোণালী চাইকেলখন এতিয়া ডুবাইত ক্ৰয় কৰিব পৰা যাব।
এই অসাধাৰণ সোণৰ চাইকেলখন আছিল “ঘড়ী আৰু অলংকাৰ মধ্যপ্ৰাচ্য প্ৰদৰ্শনীৰ” ( Watch & Jewellery Middle East Show) অংশ, যোৱা ২৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈকে প্ৰদৰ্শন কৰা হৈছিল ৫০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় আৰু স্থানীয় প্ৰদৰ্শনীত।
এই প্ৰদৰ্শনীতে প্ৰদৰ্শন কৰা হয় চেলিখভ ডাইমণ্ডছৰ, ১৮ কেৰেটৰ সেউজীয়া হীৰাৰে সজ্জিত প্ৰকৃত শিল্পকৰ্ম “ছাকুৰা” আঙঠি, আৰু ইয়াৰ মূল্য আছিল ২৯ কোটি ।
Discussion about this post