Preparations For G-20 Summit In Delhi :
জি-২০ সন্মিলনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৰাজধানী মহানগৰ নতুন দিল্লী। সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ কেবাখনো মহাশক্তিধৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানৰ লগতে আন বহু কেইখন ৰাষ্ট্ৰৰ আহিবলগীয়া ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিক আদৰণি আৰু অভ্যৰ্থনা জনোৱাৰ বাবে আটকধুনীয়া কৰি তোলা হৈছে ৰাজধানী মহানগৰ খন ৷
আনহাতে নিৰাপত্তা দিশটোত কোনো খুট নৰখাকৈ একপ্ৰকাৰ কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ৷ ৰাষ্ট্ৰপ্ৰধান আৰু সংশ্লিষ্ট দেশ সমূহৰ প্ৰতিনিধি সকলৰ সুৰক্ষাৰ বাবে ১ লাখ ৩০ হাজাৰ সেনা নিয়োগ কৰাৰ লগতে অহনিষে ড্ৰোণ আৰু হেলিকপ্টাৰেৰে দিল্লীৰ চৌপাশৰ আকাশমাৰ্গৰ পৰা নিৰীক্ষণৰ বৃহৎ ব্যৱস্থা কৰা হৈছে।
উল্লেখ্য যে, ৯ আৰু ১০ ছেপ্তেম্বৰত (Sat, 9 Sept, 2023 – Sun, 10 Sept, 2023) অনুষ্ঠিত হ’ব লগা বিশ্বৰ হাই প্ৰফাইল সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে কেতবোৰ দেশৰ প্ৰতিনিধিৰ সোঁত বৈছে দিল্লীলৈ ৷
দিল্লীৰ চৌপাশে এতিয়া নানা ৰংবিৰঙৰ ফুল আৰি দিয়াৰ লগতে জি-২০ দেশৰ পতাকা সমূহ আৰি দিয়া হৈছে ৷ একেদৰে সজাই তোলা হৈছে লালকিল্লা, তাজমহল সহ ঐতিহাসিক স্মাৰকসমূহ ৷ ইয়াৰ উপৰিও প্ৰগতি ময়দানত (Pragati Maidan) অৱস্থিত জি-২০ সন্মিলনৰ স্থান ভাৰত মণ্ডপমৰ (Bharat Mandapam) সন্মুখত নটৰাজৰ (statue of Nataraja) এটা বিশাল মূৰ্তি স্থাপন কৰা হৈছে।
নতুন দিল্লীত ইতিপূৰ্বে ভৰি দিয়া প্ৰতিনিধি আৰু আহিবলগীয়া প্ৰতিনিধিবৰ্গৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন পঞ্চতাৰকা হোটেলত ।
ইপিনে সন্মিলনৰ সময়ছোৱাত দিল্লী বিমান বন্দৰৰ সকলো ধৰণৰ নিৰাপত্তা দিশ চোৱাচিতাৰ বাবে দায়িত্ব দিয়া হৈছে বায়ু সেনা বাহিনীক ৷ বায়ু সেনাই সম্ভাব্য যিকোনো পৰিস্থিতি মোকাবিলা কৰাকৈ অপাৰেচন ডাইৰেকশ্বন চেণ্টাৰৰ অধীনত সাজু কৰি ৰাখিছে চুখই আৰু ৰাফেল যুঁজাৰু বিমানক।
দিল্লী আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি দিল্লীৰ বিভিন্ন অঞ্চলত আজিৰ পৰা (৮ ছেপ্টেম্বৰ) যান-বাহন ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে নতুন দিল্লী জিলাখন অহা তিনিদিনলৈ সাধাৰণ জনতা আৰু পৰ্যটকৰ বাবে কঠোৰভাৱে বন্ধ থাকিব ১০ ছেপ্টেম্বৰলৈ), কেৱল জৰুৰীকালীন সেৱাৰ অনুমতি দিয়া হ’ব।
খবৰ অনুসৰি জি- 20 বৈঠকত ভাগ লবৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি টিনুবা ৷
আনহাতে জি-২০ শীৰ্ষ সন্মিলনত ভাগ লবৰ বাবে শুকুৰবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক, আৰু অন্যান্য বিশ্ব নেতা সকল।
জি-২০ (G20 Summit ) শীৰ্ষ সন্মিলনৰ কেইঘণ্টামান পূৰ্বে দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া ৭ বজাত দিল্লীত উপস্থিত হ’ব বাইডেন (Joe Biden)।
জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হয় ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শোভা কৰণ্ডলাজে বিমানবন্দৰত মেলনীক আদৰণি জনায়। চলিত বৰ্ষৰ আৰম্ভণিতে মেল’নীয়ে মাৰ্চ মাহত অনুষ্ঠিত হোৱা ৰাইচিনা ডাইলগৰ আঠটা সংস্কৰণত অংশগ্ৰহণ কৰিছিল। ভাৰত আৰু ইটালী ২০০০ বছৰতকৈও অধিক সময় ধৰি বাণিজ্যিক সম্পৰ্ক থকা প্ৰাচীন সভ্যতা। ১৯৪৭ চনত ভাৰত আৰু ইটালীৰ মাজত ৰাজনৈতিক সম্পৰ্ক স্থাপন হয়।
Discussion about this post