পৃথিৱীৰ আটাইতকৈ বয়সীয়াল জীৱিত মুৰ্গী হিচাপে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ‘পিনাট’য়ে। হয়, পিনাট (Peanut) নামৰ এই মুৰ্গীজনীৰ বয়স ২১ বছৰ (জন্ম ২০০২)। পিনাট হৈছে এটা বেণ্টাম প্ৰজাতিৰ (Peanut is a bantam), যিটো সাধাৰণ কুকুৰাতকৈ সৰু জাতৰ।
স্মিথছ’নিয়ান মেগাজিনৰ মতে, মাৰ্চি পাৰ্কাৰ ডাৰউইনে মিচিগানত থকা তেওঁৰ ফাৰ্মত পৰিত্যক্ত কুকুৰাৰ কণীৰ পৰা “Cheep ” অহা শুনি ডাৰউইনে কণীৰ খোলাটো খুলিলে তেতিয়া তেওঁ কণীটোৰ ভিতৰত এটা পোৱালি পাইছিল । কণীটোৰ নাছিল egg tooth , যিটো পোৱালি এটাই কণীৰ বাহিৰলৈ ওলাই অহাৰ বাবে পথ বনাবৰ বাবে প্ৰয়োজনীয়।
ডাৰউইনে মুৰ্গী পোৱালীটোৰ নাম ৰখিছিল পিনাট (Peanut)।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰা পিনাট (Peanut) মালিকৰ খুবেই প্ৰিয়। প্ৰাৰম্ভিক কেইটামান বছৰত পিনাটে ঘৰৰ ভিতৰতে দিন অতিবাহিত কৰিছিল যদিও পিছলৈ তাই আন মুৰ্গীৰ সৈতে ঘৰৰ বাহিৰত বাস কৰিবলৈ লয়।কিন্তু বয়স হোৱাৰ লগে লগে দম্পতিহালে পিনাটক নিজৰ লগতে ৰাখি চোৱা-চিতা কৰে। টি ভি চাই ভালপোৱা পিনাটৰ বাবে মালিক ডাৰউইনে এটা সৰু বেষ্টনীও নিৰ্মাণ কৰি দিছে।এই বেষ্টনীৰ পৰাই পিনাটে সুৰক্ষিত হৈ বাহিৰৰ পৃথিৱীৰ দৃশ্য উপভোগ কৰিব পাৰে। পিনাটে আন জীৱ-জন্তুবোৰৰ ভিতৰত কেৱল কুকুৰ আৰু মেকুৰীৰ লগতহে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰে।
অসাধাৰণ পিনাটৰ গুণৰ দ্বাৰা অনুপ্ৰাণিত হৈ ডাৰউইনয়ে ‘মাই গাৰ্ল পিনাট এণ্ড মি’ শীৰ্ষক এখন কিতাপো লিখি উলিয়াইছে। ডাৰউইনৰ মতে, এই কিতাপখন লেখাৰ মূল উদ্দেশ্য এয়ে যে বিশ্ববাসীয়ে যাতে পিনাটৰ বিষয়ে আৰু বেছি ভালদৰে জানিব পাৰে।সকলোয়ে যাতে পিনাটক (Peanut) মনত ৰাখে।
২০২৩ চনৰ মাৰ্চ মাহত পিনাটে ((Peanut)) গিনিজ ৱৰ্ল্ড ৰেকৰ্ড (Guinness World Records) খিতাপ লাভ কৰে বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত মুৰ্গীৰ (world’s oldest living chicken)।
Discussion about this post