গোৱালপাৰা জিলাৰ (Goalpara District) দুধনৈ আৰু ধনুভাঙাত পৃথক পৃথক পথ দুৰ্ঘটনাত (Road Accident) বি এছ এফ জোৱানসহ দুজনৰ কৰুণ মৃত্যু (BSF Jawan Died)। ধনুভাঙাৰ পৰা টিপলাই যোৱা পথত এ এছ ০১ ই ইউ ২৩৭৮ নম্বৰৰ ৰয়েল এনফিল্ড আৰু এ এছ ০১ এ ডাব্লিউ ৩৪২৪ নম্বৰৰ এম্বুলেঞ্চৰ মাজত প্ৰচণ্ড খুন্দা (Ambulence And Royal Enfield Collision)।
এই খুন্দা ইমানেই ভয়ংকৰ আছিল যে ৰয়েল এনফিল্ড খনৰ আৰোহী তথা বি এছ এফ জোৱান অজয় পাটগিৰি থিতাতে কৰুণ মৃত্যুক সাৱটি লয়। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এম্বুলেঞ্চ এৰি পলায়ন কৰে চালকে।
আনহাতে দুধনৈৰ (Dudhnoi) মাজমজিয়াত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী (Guwahati) অভিমুখী তীব্ৰবেগী এ এছ ০১ জে চি ৪৬৮২ নম্বৰৰ ট্ৰাকখনে বাইক এখনক খুন্দা মৰাত গুৰুতৰভাৱে আহত বাইক আৰোহী ইউছুফ আলীক দুধনৈ চিকিৎসাললৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটিলে ইউছুফ আলীয়ে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/school-headmaster-commited-suicide-at-lakhimpur-in-assam/8594/
Discussion about this post