ধিঙৰ গৰুখুটি চৰত জীৱশ্ৰেষ্ঠক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । নিজ পিতৃয়ে থেকেচি থেকেচি হত্যা কৰিলে চাৰে তিনি বছৰীয়া কণমানি শিশুক। মঙলবাৰে দুপৰীয়া মাৰজিনা খাতুন নামৰ শিশুটোৱে ওচৰৰে খুড়াকৰ ঘৰত লৈ যাবলৈ খাটনি ধৰিছিল পিতৃ ইনামুল হকক।
পিতৃয়ে লৈ নোযোৱাত শিশুটিয়ে আমনি কৰি আছিল পিতৃক। এই সাধাৰণ কথাতেই পিতৃ ইনামুল হকে খঙৰ ভমকত শিশুটোক থেকেচি থেকেচি হত্যা কৰে। ইফালে হত্যা কৰি পাষান পিতৃ ইনামুল হকে লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এটি দেৱ শিশুৰ দানৱৱৰূপী পিতৃৰ হাতত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হোৱাৰ লগতে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলত। ইতিমধ্যে ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post