লখিমপুৰৰ নাওবৈচাত ৰোগীআৰু ডাক্তৰৰ মাজত মাক্স পিন্ধা-নিপিন্ধাক লৈ দুৰ্বাদল কাজিয়া। লখিমপুৰ জিলাৰ নাওবৈচাত চিকিৎসাৰ বাবে যোৱা ৰোগীৰ মাতৃক মৰিয়াই গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিলে এগৰাকী মহিলা চিকিৎসকে।
কাজিয়াৰ ভিডিঅ’-
ভুক্তভোগী মহিলাৰ ভাষ্য-
এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ গড়চিগা ৰাজ্যিক চিকিৎসালয়ত। মহিলা চিকিৎসক মমতা যাদৱৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ আনিছে চিকিৎসাৰ বাবে যোৱা এগৰাকী ৰোগীৰ মাতৃয়ে।
আজি সংঘটিত হোৱা এই ঘটনাত ৰোগাক্ৰান্ত কন্যাক চিকিৎসাৰ বাবে লৈ যোৱা মাতৃগৰাকীয়ে মাক্স নিপিন্ধাৰ বাবেই চিকিৎসা কৰাৰ সলনি মৰিয়াই গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিয়ে ডাক্তৰ আৰু চিকিৎসা কৰ্মীসকলে।
সেই সময়চোৱাত মহিলা চিকিৎসক মমতা যাদবেও মাস্ক পৰিধান কৰা নাছিল বুলি জানিব পৰা গৈছে।
Photo & Input: Israkul Islam




























Discussion about this post