ৰঙিয়া লোকনিৰ্মাণ বিভাগৰ SDO, ইঞ্জিনীয়াৰ, বৰবাবুসহ চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ ঘোচ লোৱা তথ্য ফেচবুক লাইভ যোগে ফাদিল। পেট্ৰ’ল পাম্পৰ NOC দিয়াৰ নামত খনীন মেধি নামৰ এজন লোকৰ পৰা সৰকালে ৪০ হাজাৰ টকা।
ফেচবুক লাইভ-
https://www.facebook.com/100006142172188/videos/157654393218854/
ঘোচষোৰ বিষয়া কৰ্মচাৰী কেইজনৰ নাম ক্ৰমে দীপক মজুমদাৰ(SDO)লোকনিৰ্মাণ বিভাগ ৰঙিয়া, দীপক কুমাৰ বৈশ্য(সহ-অভিযন্তা), প্ৰণবেশ ভট্টাচাৰ্য্য(বৰবাবু),আলম (চতুৰ্থ বৰ্গৰ কৰ্মচাৰী)।
এই আটাইকেইজনে ইতিমধ্যে ফোনযোগে স্বীকাৰ কৰিছে টকা লোৱাৰ কথা। ভুক্তভোগী খনীন মেধিয়ে উপায়ন্তৰ হৈ ৰঙিয়াৰ সমাজকৰ্মী তথা ৰাজনীতিক জয়ন্ত কুমাৰ কলিতাৰ কাষ চাপিছিল,আৰু অৱশেষত এই দুৰ্নীতিগ্ৰস্ত বিষয়া কেইজনৰ কুকীৰ্তি ফাদিল কৰিবলৈ সক্ষম হ’ল।
ফোনত কথা পতাৰ ভাষ্য-
শনিবাৰে সন্ধিয়া জয়ন্তকুমাৰ কলিতাই ফেচবুক লাইভযোগে এই তথ্য ৰাজহুৱা কৰাত, এতিয়া তৎ হেৰুৱাই সকলোকে মেনেজ কৰিবলৈ উঠিপৰি লাগিছে দুৰ্নীতি গ্ৰস্ত বিষয়া কেইজনে। পূৰ্বৰে পৰাই এই দুৰ্নীতি পৰায়ন বিষয়া কেইজনৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈ আহিছে।
এতিয়া সততে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা হাতত লয় সেয়া অধিৰ আগ্ৰহেৰে বাট চাই আছে ৰঙিয়াবাসীয়ে।
Photo & Input: চফিকুল আহমেদ
Discussion about this post