বাঘজানত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। শনিবাৰে প্ৰতিকূল বতৰকো নেওচি বাঘজানবাসীয়ে বাঘজান কাণ্ডত ক্ষতিসাধন হোৱা এশ শতাংশ ক্ষতিপূৰণ বিচাৰি পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদৰ বাবে ওলাই আহে।
পথ অৱৰোধ কৰি অইল ইণ্ডিয়াৰ কামকাজ বন্ধ কৰি উত্তাল কৰি তোলে বাঘজানবাসীয়ে। কিন্তু বাঘজানবাসীৰ এই আন্দোলনক তিনিচুকীয়া জিলা প্ৰশাসনে ছত্ৰভংগ দিয়ে।
জিলা প্ৰশাসনে আৰক্ষী আৰু চি আৰ পি এফ মোতায়েন কৰি প্ৰতিবাদকাৰীক পথ মুকলি কৰি দিবলৈ প্ৰথমে সকীয়নি প্ৰদান কৰে কিন্তু প্ৰতিবাদকাৰীয়ে প্ৰশাসনৰ সকীয়নিক গুৰুত্ব প্ৰদান নকৰে। ফলত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি লাঠি চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে। বৰ্তমানেও চেপা উত্তেজনা অব্যাহত।
Photo: Khatang Khobor




























Discussion about this post