গুৱাহাটীত (Guwahati) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চাইবাৰ অপৰাধীও নহয় বা কোনো চোৰ-ডকাইতো নহয়, খোদ মহিলা বেংক বিষয়াই (Women Bank Officer Loot Money) গ্ৰাহকৰ ATM ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা।
গ্ৰাহকৰ ATM ব্যৱহাৰ কৰি ধন হৰলুকী কৰা অভিযোগ উত্থাপন হৈছে এক্সিছ বেংকৰ ডেপুটী মেনেজাৰ ইফটিকন হক চৌধুৰীৰ বিৰুদ্ধে (Axis Bank Deputy Manager Iftikan Haque Chowdhury)। এতিয়া গীতানগৰ আৰক্ষীৰ (Gitnagar Police) জালত এক্সিছ বেংকৰ ডেপুটী মেনেজাৰ ইফটিকন হক চৌধুৰী।
গ্ৰাহকৰ অভিযোগৰ ভিত্তিতে গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলা বিষয়াগৰাকীক। অভিযোগ অনুসৰি, ডেপুটী মেনেজাৰ ইফটিকন হক চৌধুৰীয়ে গ্ৰাহকৰ কৌশলেৰে ATMৰ পিন (Fraudulent Use Of Atm Pin) ব্যৱহাৰৰ কৰিছিল।
ঘটনা সন্দৰ্ভত ভুক্তভোগী গ্ৰাহকে গোচৰ দিছিল গীতানগৰ আৰক্ষী (Gitnagar Police) থানাত। সেই অভিযোগৰ ভিত্তিতে আজি আৰক্ষী জালত পৰিল চৌধুৰী।
Photo: Ramesh Baishya
Discussion about this post