“ভিনদেৱে মোৰ বাইদেউক মাৰিবলৈ খেদি আহে’, আমাক ভাত খাবলৈ নিদিলে- এই মন্তব্য ভুক্তভোগী মহিলাৰ ভনীয়েকৰ। বেটি বচাও, বেটি পঢ়াও শ্ল’গান দিয়া এইখন অসমতেই সংঘটিত হৈছে এক জঘন্য কাণ্ড।
কন্যা সন্তান জন্ম দিয়াৰ বাবে কাল হ’ল এগৰাকী মাতৃৰ। শুনিলে হয়তো আপুনিও আচৰিত হ’ব। হয় এই ঘটনা সংঘটিত হৈছে এইখন অসমতেই। প্ৰথমে যৌতুক দাবী, অকথ্য নিৰ্যাতন (Physical Harrasment), তাৰপিছতে কন্যা সন্তান জন্ম দিয়াৰ বাবে অকথ্য নিৰ্যাতন এই গৰাকী মহিলাৰ ওপৰত।
ভুক্তভোগী মহিলা-
ভুক্তভোগী মহিলাৰ ভগ্নী-
গোলাঘাটত (Golaghat) কন্যা সন্তান জন্ম দিয়াই অপৰাধ হ’ল এইগৰাকী মাতৃ ৰুহেনা বেগমৰ। প্ৰথমে যৌতুকৰ দাবী তাৰ পিছত কন্যা সন্তান জন্ম দিয়া বুলি অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰাত কাষ চাপিল আৰক্ষীৰ।
গোলাঘাটৰ (Golaghat) পৰা দেৰগাঁৱৰ দীঘলীপামলৈ বিয়া হৈ যোৱা পিছৰে পৰা স্বামী ইয়াজুলে প্ৰথমে যৌতুক বিচাৰি যোৱা প্ৰায় দহ মাহ ধৰি নানান ধৰণৰ অত্যাচাৰ বলি হোৱা এই গৰাকী মহিলাই কন্যা সন্তান জন্ম দিয়া বাবে এতিয়া স্বামী, ননদ আৰু শাহুৰ অকথ্য নিৰ্যাতন। নিৰ্যাতন সহ্য কৰিব নোৱাৰি নিজৰ মা আৰু দেউতাৰ সহায়ত আজি দেৰগাঁও আৰক্ষী চকীত স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি সহায় বিচাৰি ফুৰিছে এই দুৰ্ভগীয়া মহিলা গৰাকীয়ে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/naoboicha-school-case-allegation-against-teacher-in-assam/5165/
Discussion about this post