বঙাইগাঁও (Bongaigaon) সদৰ চহৰৰ মাজমজিয়া বৰপাৰাত দেওবাৰে নিশা এছ বি আইৰ (SBI) এটিএম ভাঙি (ATM) চোৰে (Thief) প্ৰায় ৪০ লাখ টকা লুটি লৈ যায় (Money Loot) ৷ চহৰখনৰ বৰপাৰাস্থিত চি, কে, হোটেল সংলগ্ন ষ্টেট বেংকৰ এ টি এমত বৃহৎ চুৰিকাণ্ড হয় নিশা ৩ বজাত ৷ হোটেলৰ চি চি কেমেৰাত কিছু দৃশ্য লাভ কৰে আৰক্ষীয়ে ৷
ষ্টেট বেংক বিষয়াই জানিব দিয়া অনুসৰি এ টি এম দুটাত প্ৰায় ৪০ লক্ষাধিক টকা (40 Lakhs) আছিল ৷ এ টি এমৰ চাটাৰৰ তলা ভাঙি প্ৰৱেশ কৰে চোৰৰ দলটোৱে। এ টি এম কাটি লৈ যায় ধনখিনি।
চুৰিকাণ্ডৰ পূৰ্বে চি চি কেমেৰা (CCTV Camera) সংলগ্ন তাঁৰ কাটি দিয়ে আৰু স্প্ৰে মাৰি দিয়ে কেমেৰাৰ সন্মুখত চোৰৰ দলটোৱে ৷ ইতিমধ্যে এছ বি আইৰ তৰফৰ পৰা বঙাইগাঁও সদৰ থানাত (Bongaigaon Sadar Police) এজাহাৰ দাখিল কৰে ৷ সদৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত চলাই আছে বুলি জানিব দিয়ে ৷
Photo & Input: Khatang Khobor
Discussion about this post