এটা বিশেষ ভিডি’অ ক্লিপ। ভিডি’অটোত এজন দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষক আৰু এজন ছাত্ৰৰ অভিভাৱকৰ কথোপোকথন ।
অভিভাৱক- ছাৰ মোৰ সন্তানৰ এডমিটখন দিয়ক।
প্ৰধান শিক্ষক- টকা ৫০০ দিব লাগিব।
অভিভাৱক- মই টকা নিদিও ।
প্ৰধান শিক্ষক- তেনেহলে যোৱা তুমি, পিছত নিবা।
অভিভাৱক- নাই এতিয়াই দিয়ক, টকা কিয় দিম?
প্ৰধান শিক্ষক- মই সকলোৰে পৰাই ৫০০ টকাকৈ লৈছো, তুমিও টকা ৫০০ দিব লাগিব।
এইগৰাকী দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষক নাম ছামছুল হ’ক। নগাঁৱৰ ধিঙৰ ধূপগুৰি ফকৰুদ্দিন আলী আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এইজন ছামছুল হক।
প্ৰধান শিক্ষক ৰূপী ছামছুল হকে দীৰ্ঘদিন ধৰি কৰি আহিছে বিয়াগোম দুৰ্নীতি।
সংখ্যলঘু ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে প্ৰদান কৰা জলপানীৰ পৰা আৰম্ভ কৰি মেট্রিক পৰীক্ষাৰ এডমিট কাৰ্ডলৈকে কৰি আহিছে বিয়াগোম দুৰ্নীতি।
এইজনক জলপানীৰ নামত দিব লাগে ৩০০ টকা আৰু এডমিট কাৰ্ডৰ নামত দিব লাগে ৫০০ টকা যদিহে নিদিয়ে হৈ নুঠে কোনো ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ কাম।
উপায়ন্তৰ অভিভাৱকে কৌশলেৰে ধন আত্মসাৎ কৰা সকলো তথ্য আৱদ্ধ কৰিলে গোপন কেমেৰাত। বিগত সময়ত বহু অজুহাত দেখুৱাই নিজকে দায়মুক্ত কৰি আহিছিল যদিও বেচেৰা এইবাৰ পৰিল ওলাব নোৱাৰা জালত।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post