মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতিৰ বিৰূদ্ধে সৰৱ হৈ উঠাৰ পিছতেই ৰাজ্যত চান্দা তুলিবলৈ গৈ ৰঙাঘৰত সোমাইছে ইজনৰ পিছত সিজন সংগঠনৰ নেতা।
এইবাৰ নাজিৰাত (Nazira) হিন্দু ফেডাৰেচনৰ (Hindu Federation) নামত চান্দা তুলি আৰক্ষীৰ হাতত আটক (Detain) হ’ল শিৱসাগৰৰ (Sivasagar) এজন লোক।
দেওবাৰে নিশা নাজিৰাত একাংশ ব্যৱসায়ীৰ পৰা হিন্দু ফেডাৰেচনৰ (Hindu Federation) নামত কোনো চীল মোহৰ নথকা এখন ৰচিদত চান্দা সংগ্ৰহ কৰি থকা অৱস্থাত ভাস্কৰ বৰুৱা নামৰ এজন যুৱকক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।
ভাস্কৰ বৰুৱাৰ ঘৰ শিৱসাগৰ আমোলাপট্টিতবুলি জানিব পৰা গৈছে। বৰ্তমান ৰঙাঘৰৰ আলহী চান্দা তোলা ভাস্কৰ বৰুৱা।
Photo & Input: দীপক ছেত্ৰী
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/swarnarekha-river-gold-flows-in-this-river-of-india/4819/
Discussion about this post