আজিকালি বিহু মঞ্চৰ সাংস্কৃতিক (Bihu Festival) অনুষ্ঠান মানেই বোকা ডাঞ্চ (Boka Dance)। মাজে মাজে হোৱা ফায়াৰ ডাঞ্চেও লাভ কৰিছে চৰ্চা। মুখ্যমন্ত্ৰীৰ পৰা নেতা-শিল্পীলৈ সকলোৱে এই বোকা ডাঞ্চক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বিশেষকৈ কণ্ঠশিল্পী জুবিন গাৰ্গৰ (Singer Zubeen Garg) সাংস্কৃতিক অনুষ্ঠানত বোকা ডাঞ্চ আৰু ফায়াৰ ডাঞ্চ অধিক বেছি দেখা পোৱা যায়। বিহু অনুষ্ঠানত বোকা ডাঞ্চ কৰি দুই এজন যুৱকে আৰক্ষীৰ লাঠীৰ কোবো খোৱা বুলিও ওলাইছে খবৰত।
এই সকলোৰে মাজতে বোকা ডাঞ্চক পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে (Singer Zubeen Garg)। গৌতম বৰদলৈৰ ‘কাঞ্চনজংঘা’ত উপস্থিত সাংবাদিকৰৰ সৈতে বাৰ্তালাপ কৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে মন্তব্য কৰে বোকা ডাঞ্চক লৈ।
জুবিন গাৰ্গে সাংবাদিকৰ আগত কয় যে, ‘বোকা ডাঞ্চ কৰক, পানী ডাঞ্চ কৰক, গাখীৰ ডাঞ্চ কৰক আপত্তি নাই। কেৱল মদৰ ডাঞ্চ নকৰিলেই হ’ল।’এইবছৰৰ বিহুত আৰু ১২খন সাংস্কৃতিক অনুষ্ঠান আছে বুলি জানিবলৈ দিয়ে জুবিন গাৰ্গে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-white-gourd-benefits-for-health/9134/
Discussion about this post