‘আনন্দ মিশ্ৰৰ (Anand Mishra) কেৱল বদলি হোৱাটো আমি বিচৰা নাছিলোঁ। তেওঁৰ ওপৰত কঠোৰ শাস্তি হোৱাটোহে আমি বিচাৰিছিলোঁ। এই মন্তব্য ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ (Raijor Dol Leader Kamal Kumar Medhi)। বিলাসীপাৰাত (Bilasipara) উপস্থিত হৈ ৰাইজৰ দলৰ (Raijor Dol) নেতাগৰাকীয়ে আৰু কয় যে- নগাঁৱত আনন্দ মিশ্ৰই (Anand Mishra) কৃতিকমলৰ দৰে আৰু বহু ভুৱা এনকাউণ্টাৰ (Fake Encounter) কৰিলে, যিবোৰৰ তদন্তই নহ’ল।
নেতাগৰাকীয়ে আৰু কয় যে আনন্দ মিশ্ৰ হৈছে এগৰাকী অসমীয়া বিদ্বেষী আইপিএছ বিষয়া। যি প্ৰমাণ ইতিমধ্যে আনন্দ মিশ্ৰই কা আন্দোলনৰ সময়ত নিৰীহ অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল। ইয়াৰ উপৰিও আনন্দ মিশ্ৰক লৈ বহু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি অতি শীঘ্ৰে আনন্দ মিশ্ৰৰ ওপৰত কঠোৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post