ক’ভিডকেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ পৰা সাংসদ পুঁজিৰ ধনৰ আৱণ্টন বন্ধ হৈ থকা সত্বেও প্ৰথম ইনষ্টলমেণ্টৰ পুঁজিৰে চিকিৎসালয়ত এম্বুলেঞ্চ প্ৰদান কৰিলে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
চলিত বৰ্ষৰ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত নগাঁও সংসদীয় সমষ্টিৰ সাংসদগৰাকীয়ে সমষ্টিৰ চিকিৎসালয় সমূহ ভ্ৰমণৰ সময়ছোৱাত ১০ খনকৈ এম্বুলেঞ্চ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰি বৃহস্পতিবাৰে দিব লগা ১০খন এম্বুলেঞ্চৰ প্ৰথমখন এম্বুলেঞ্চ ডবকা ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত প্ৰদান কৰে সাংসদগৰাকীয়ে।
এম্বুলেঞ্চখনৰ চোৱা-চিতাৰ বাবে চিকিৎসালয় খনৰ মুৰব্বীৰ নেতৃত্বত সমিতি এখনো গঠন কৰি দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰে পৰা ৰাইজৰ চিকিৎসা সেৱাৰ বাবে এম্বুলেঞ্চৰ অভাৱ আছিল। আনকি এম্বুলেঞ্চৰ অভাৱত গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ অনা-নিয়াতো দুৰ্ভোগ ভুগি আহিছিল অঞ্চলবাসীয়ে। তেনে পৰিস্থিতিত সাংসদ পুঁজিৰ ধন লাভ নকৰা সত্বেও অঞ্চলটোৰ ৰাইজৰ বাবে এম্বুলেঞ্চ সেৱা মুকলি কৰে সাংসদ বৰদলৈয়ে।
ইতিপূৰ্বে, সাংসদ গৰাকীয়ে নিজ প্ৰচেষ্টাত নগাঁও লোকসভা সমষ্টিৰ তিনিটাকৈ স্থানত জনসাধাৰণৰ সেৱাৰ বাবে স্থাপন কৰিছিল ক’ভিড কেয়াৰ চেণ্টাৰ । ক’ভিড কেয়াৰ চেণ্টাৰ সমূহত ৰোগীক সহায়ৰ বাবে আনকি বহু স্বেচ্ছাসেৱকো নিয়োগ কৰি ক’ভিডৰ জটিল পৰিৱেশত অসহায় ৰাইজক সহায়ৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল সাংসদগৰাকীয়ে।
Photo: Khatang Khobor
Discussion about this post