দিছপুৰৰ মিনিষ্টাৰ ক’লনিত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল। সংবাদমেলত গো-সুৰক্ষা বিধেয়ক আৰু এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ গগৈ।
১৯৫০, গো-সংৰক্ষণ আইন থকাৰ পিছতো কিয় নতুন আইনৰ দৰকাৰ বুলি প্ৰশ্ন উত্থাপন সাংসদগৰাকীৰ। “উত্তৰ প্ৰদেশৰ আইন অসমত ক’পি-পেষ্ট কৰিছে, গৰু বিহু পতা ৰাইজৰ পৰা RSS আৰু উত্তৰ প্ৰদেশ চৰকাৰে গো-সুৰক্ষাৰ কথা শিকিব লাগে বুলিও মতপ্ৰকাশ কৰে গৌৰৱ গগৈয়ে।
“গো-সুৰক্ষাৰ বাবে নতুন আইনৰ প্ৰয়োজন নাই, নতুন আইনে সীতা জখলাৰ দৰে দুগ্ধ উৎপাদন অনুষ্ঠানসমূহক অসুবিধাত পেলাব।’- সংবাদমেলত এই মন্তব্য প্ৰদান কৰে গগৈয়ে।
প্ৰয়োজনীয় অক্সিজেন আৰু ভেকচিনৰ অভাৱৰ বিফলতা ঢাকিবলৈ চৰকাৰে এইবোৰ কৰিছে বুলিও সমালোচনা কৰে সাংসদগৰাকীয়ে। মিনিষ্টাৰ কলনীৰ মন্ত্ৰীৰ বাসগৃহ পুনৰ মেৰামতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে- ” ৩.৫ কোটিৰো অধিক খৰচ মেৰামতিৰ নামত। ৰাইজৰ টকাৰে কিয় মন্ত্ৰীৰ ঘৰ মেৰামতি কৰিছে?
“মিনিষ্টাৰ ক’লনীৰ বাসগৃহ পাঁচ বছৰতে পুৰণি হ’ ল নেকি?’- সংবাদমাধ্যমৰ আগত প্ৰশ্ন উত্থাপন গৌৰৱ গগৈৰ। “চৰকাৰৰ হাজাৰ কোটি টকীয়া ঘৰৰ মেৰামতিৰ বিপৰীতে দৰিদ্ৰতাৰ বাবে কিডনী বেছিবলগীয়া হৈছে ৰাইজে।
মুখ্যমন্ত্ৰীৰ বিধায়কৰ ক্ষমতা সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা গগৈৰ। মুখ্যমন্ত্ৰীক বিধায়কৰ ক্ষমতা সন্দৰ্ভত লিখিত নিৰ্দেশনা দিয়াৰ দাবী সাংসদ গগৈৰ।
Photo: Khatang Khobor
Discussion about this post