বৃহস্পতিবাৰে কামৰূপৰ (Kamrup) বকোৰ (Boko) টুপামাৰীত (Tupamari) সংঘটিত হয় এক ভয়ংকৰ শিহৰণকাৰী ঘটনা (Horrific Incident)। নিজৰ গৃহত বিদ্যুৎ সংযোগ কৰিবলৈ গৈ উলমি ৰ’ল বিদ্যুৎ পৰিবাহী তাঁৰত (Electric Cable)।
টুপামাৰী গাঁৱৰ নজৰুল ইছলাম (Injured Najrul Islam) নামৰ এজন যুৱকে নিজৰ গৃহত বিদ্যুৎ সংযোগ কৰিবলৈ যোৱাৰ ফলত এই ঘটনা সংঘটিত হৈছে। স্থানীয় লোকে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থকা অৱস্থাৰ পৰা বহু চেষ্টা কৰি যুৱকজনক উদ্ধাৰ কৰি লগে লগে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়।
কিন্তু যুৱকজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। যুৱকজনৰ এই ভয়ংকৰ ঘটনাৰ (Horrific Incident) পৰা কথমপি প্ৰাণৰক্ষা পৰে যদিও সম্প্ৰতি যুৱকজন বৰ্তমান GMCHৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে।
Photo & Input: Khatang Khobor
Published BY: Dulu Medhi
Discussion about this post