“হিন্দুৰ মঠ মন্দিৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰে আঙুলি টোৱালে সেই আঙুলি ভাঙি দিম”- এই মন্তব্য গোলাঘাটৰ বিশিষ্ট লেখক নিবন্ধকাৰ তথা হিন্দু জাগৰণ মঞ্চৰ উপ-সভাপতি অমল চন্দ্ৰ কোঁৱৰৰ।
গোলাঘাট হিন্দু জাগৰণ মঞ্চৰ (Golaghat Hindu Jagaran Mancha) তৰফৰ পৰা ধিঙ সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ (Dhing Mla Aminul Islam) বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত (Golaghat Police) দাখিল কৰিলে এজাহাৰ। কামাখ্যা মন্দিৰৰ ভূমি ঔৰঙজেৱে দান কৰিছিল বুলি আমিনুল ইছলামে মন্তব্য কৰাৰ পাছতে সৰৱ হৈছে গোলাঘাটৰ হিন্দু জাগৰণ মঞ্চ।
৮ ডিচেম্বৰত গোলাঘাট আৰক্ষী থানাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিন্দু জাগৰণ মঞ্চৰ গোলাঘাটৰ উপ সভাপতি অমল চন্দ্ৰ কোঁৱৰে। তেওঁ ক’লে- ‘নিজামুদ্দিন আৰু কাল কৰোণা’- নামৰ এখন কিতাপ উন্মোচন কৰিছে হিন্দু জাগৰণ মঞ্চৰ উপ-সভাপতি অমল চন্দ্ৰ কোঁৱৰে। এই কিতাপখন হিন্দু সমাজৰ লগতে মুছলমান সমাজেও পঢ়ক। এই কিতাপখনত পৃষ্ঠাই পৃষ্ঠাই তেওঁলোকৰ অসভ্যালিৰ কথা লিখিছো।- এই মন্তব্য অমল চন্দ্ৰ কোঁৱৰৰ।
Photo & Input: Khatang Khobor
Discussion about this post