মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীৰ বাবে আন এক বেয়া খবৰ (Bad News)। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনৰ পিছত এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধিৰ (Electricity Bill Hike) সিদ্ধান্ত গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল-এ (APDCL)।
An important notice to all our valued consumers…..@CMOfficeAssam @GorlosaNandita pic.twitter.com/xgUSE8Q5ce
— APDCL (@apdclsocial) November 25, 2022
প্ৰতি ইউনিটত বাঢ়িল ৭৯ পইচাকৈ। ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত শক্তি বিভাগৰ। ৩ মাহৰ বাবে বৃদ্ধি কৰা হৈছে বিদ্যুতৰ বিল (Electricity Bill Hike)। চলিত মাহৰ পৰা অন্তৰ্ভুক্ত হ’ব বৰ্ধিত মাচুল। ২০২৩ৰ জানুৱাৰীলৈ বাঢ়িব মাচুল। বিজ্ঞপ্তিযোগে সদৰি কৰিলে APDCL-এ। বৰ্ধিত হাৰ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে কাৰ্যকৰী হৈ থাকিব।
APDCL-এলে জাননীত উল্লেখ কৰা অনুসৰি, ইন্ধন আৰু শক্তি ক্ৰয়ৰ খৰচ বহন কৰিবলৈয়ে মাচুল বদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Photo: Google
Discussion about this post