বিতর্কিত মডেল ৰাজকন্যা বৰুৱাই (RajKanya Baruah) গুৱাহাটীৰ (Guwahati) ৰুক্মিনীগাঁৱত ১জন পথচাৰীসহ ৮জন শ্ৰমিকক বাহনেৰে মহটিয়াই নিয়া ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। ইমানকেইজন লোকক গুৰুতৰভাৱে আহত কৰি দুৰ্ঘটনাৰ পাছৰদিনাই জামিনত মুকলি হোৱা ঘটনাক লৈ ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰক্ষীৰ ছত্ৰছায়াতে ৰাজকন্যাই জামিন লাভ কৰিছিল।
আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু কৰিছিল কেৱল ৪টা ধাৰাহে। ৰাজকন্যাই জামিন লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ঘটনাটোত হস্তক্ষেপ কৰিছিল আৰু ঘটনাটোৰ তদন্তৰ ঘোষণা কৰিছিল। ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ তদন্তৰ ঘোষণাৰ পিছতে ICUত ভৰ্তি হৈ থকা ৰাজকন্যাৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ গঠন কৰা হৈছিল ৬ জনীয়া মেডিকেল বোৰ্ড। প্ৰায় এঘণ্টা স্বাস্থ্য পৰীক্ষা কৰিছিল মেডিকেল বোৰ্ডে। মেডিকেল বোৰ্ডৰ প্ৰতিবেদনত ধৰা পৰা নাছিল ৰাজকন্যাৰ অসুস্থতা। ইয়াৰ পিছতে বুধবাৰে হাস্পতালৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মডেল ৰাজকন্যা বৰুৱাক।
সুৰামত্ত হৈ ৰাজকন্যাই উদ্ভণ্ডালি কৰা ঘটনা এয়াই প্রথম নহয় ৷ ৯জনকৈ লোকক সুৰামত্ত হৈ গাড়ীৰে খুন্দিয়াই আঘতপ্রাপ্ত কৰাৰ পিছত পোহৰলৈ আহিছে ৰাজকন্যাৰ পূর্বৰ কেইবাটাও উদ্ভণ্ডালিৰ ঘটনা ৷
২০১৫ চনত খাৰঘুলিত সুৰাপান কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাক লৈ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছিল ৰাজকন্যা ৷ এগৰাকী বান্ধৱীসহ খাৰঘুলিত সুৰামত্ত অৱস্থাত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল ৰাজকন্যাই ৷ সেই সময়ত স্থানীয় একাংশ লোকে ৰাজকন্যা আৰু তেওঁৰ বান্ধৱীক গতাই দিছিল লতাশিল আৰক্ষীক (Latasil Police) ৷ আৰক্ষীয়ে আটক কৰাৰ পিছতো থানাৰ ভিতৰতেই উদ্ভণ্ডালি কৰিছিল ৰাজকন্যাই ৷
প্রভাৱশালী লোকৰ সৈতে ঘনিষ্ঠতা থকাৰ কথা উল্লেখ কৰি থানাৰ ভিতৰতে ৰাজকন্যা আৰু তেওঁৰ বান্ধৱীয়ে বাৰম্বাৰ আৰক্ষীক অশালীন ব্যৱহাৰ কৰিছিল ৷
ইয়াৰ পিছৰ ঘটনা ২০১৭ চনৰ। এই দুৰ্ঘটনাটোত সোণাৰিৰ প্রাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্র কৰণজ্যোতি সন্দিকৈ ৭-৮ মাহৰ বাবে ঘূণীয়া হৈ পৰিছিল। গুৱাহাটীৰ ৰুক্মিণীগাঁৱত কৰণজ্যোতিক খুন্দিয়াই গুৰুতৰভাৱে আঘাতপ্রাপ্ত কৰিছিল এই বিতর্কিত মডেলগৰাকীয়ে ৷ ৰাজকন্যা উঠি অহা এখন বাইকেৰে খুন্দিয়াই আঘাতপ্রাপ্ত কৰাৰ ফলত প্রায় দুমাহ ধৰি চিকিৎসাধীন হ’বলগীয়া হৈছিল কৰণজ্যোতি নামৰ যুৱকজন ৷
তাৰ পিছত আহিল ২০১৮ চন- গুৱাহাটীৰ জি এছ ৰোডস্থিত Terra Mayaa বিলাসী বাৰৰ সন্মুখতো অপ্রীতিকৰ পৰিস্থিতি সৃষ্টিৰে বিতর্কলৈ আহিছিল এইগৰাকী মডেল ৷ জানিব পৰা অনুসৰি, বাৰখনৰ সন্মুখত আৰক্ষীক দুর্ব্যৱহাৰ কৰাৰ লগতে প্রহাৰো কৰিছিল ৰাজকন্যাই ৷ অৱশ্যে প্রভাৱশালী লোকৰ সৈতে থকা ঘনিষ্ঠতা আৰু ধনৰ বলত এনেদৰে অপৰাধ সংঘটিত কৰিও মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল বিতর্কিত ৰাজকন্যা ৷
Photo: Khatang Khobor
Discussion about this post