চালকৰ বুদ্ধিমত্তাৰ কাৰণে বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কাছাৰৰ (Cachar) সৈদপুৰ অঞ্চল ৷ ঘন বসতিপূৰ্ণ গাঁৱৰ পথেৰে যোৱাৰ সময়ত চলন্ত মেজিক ট্ৰাকত জুইৰ (Burning Magic Truck) সূত্ৰপাত হৈছিল যদিও চালকৰ বুদ্ধিমত্তাৰ কাৰণে ৰক্ষা পৰিল গাঁওখন ৷
নিজৰ প্ৰাণৰ কথা নাভাবি জুয়ে ছানি ধৰা মেজিক ট্ৰাক লৈ পুখুৰিত জাঁপ দিছে চালকে ৷ খেৰভৰ্তি মেজিক ট্ৰাক লৈ সৈদপুৰ গাঁৱৰ পথেৰে যোৱাৰ সময়তে হঠাৎ খেৰত জুই লাগে ৷ চলন্ত গাড়ীত দাউ দাউ কৰি জ্বলি উঠে খেৰ ৷
প্ৰায় এক কিলোমিটাৰ ট্ৰাকখন গাঁৱৰ ভিতৰোৱা পথেৰে আগবাঢ়ি যায় যদিও জুই নিয়ন্ত্ৰণলৈ আনিব পৰা নাছিল মেজিক চালক মতিন আহমেদে ৷ শেষত পথৰ ওচৰতে থকা এটা পুখুৰীত গাড়ীখন লৈ জাঁপ দিয়ে চালকে ৷
নিজৰ প্ৰাণৰ কথা নাভাবি জুয়ে ছানি ধৰা মেজিক ট্ৰাক (Burning Magic Truck) পুখুৰীত পেলাই নিশ্চিত বিপদৰ পৰা গাওঁবাসীক ৰক্ষা কৰাৰ কাৰণে চালকৰ সলাগ লৈছে গাঁওবাসীয়ে ৷
Photo & Input: নৈতিক শীল
আৰু পঢ়কঃ https://khatangkhobor.com/news/man-die-while-paragliding-at-tinsukia-in-assam/6314/
Discussion about this post