কোনো জটিলতা নাই ঘৰতেই বহি লাভ কৰিব পাৰিব learners, license। কোনো দালাল বা তৃতীয় পক্ষ অথবা দুৰ্নীতিপৰায়ণ লোকক উপঢৌকন দিয়াৰো প্ৰয়োজন নাই এতিয়াৰে পৰা।
আপুনি ঘৰতেই বহি কেৱল অনলাইন আৱেদন কৰিয়েই লাভ কৰিব পাৰিব অনলাইন লাৰ্ণাছ-লাইচেঞ্চ অথবা ভেহিকল ফিটনেছৰ প্ৰমাণপত্ৰ। তাৰ বাবে পৰিবহন বিভাগৰ www.parivahan.gov.in ছাইটত লগ ইন কৰি আধাৰ নম্বৰৰ সৈতে আৱেদন কৰিব লাগিব লাইচেঞ্চ বিচৰা লোকজনে।
তাৰ পিছত ঘৰতেই কম্পিউটাৰত অনলাইন পৰীক্ষা দি লাভ কৰিব পাৰিব লাৰ্ণাছ-লাইচেঞ্চ। সমান্তৰালভাৱে আপোনাৰ বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ নবীকৰণ বা আৱেদনৰ বাবেও পূৰ্বৰ দৰে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।
parivahan.gov.inঅনলাইন আবেদন কৰাৰ পিছত বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে এতিয়াৰে পৰা অসমত পঞ্জীয়ন কৰা বাহনৰ ৰাজ্যৰ যিকনো জিলাৰ পৰিবহন কাৰ্যালয়তে ভেহিকল ফিটনেছ প্ৰমাণপত্ৰৰ ৰিনিউ অৰ্থাৎ নবীকৰণ সম্ভৱ হ’ব।
আজি এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক যান-বাহনৰ সৈতে জড়িত অনলাইন সেৱা প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ অংশস্বৰূপে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ভেহিকল ফিটনেছ এপ মুকলিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাজ্যৰ পৰিবহণ মন্ত্ৰী উপস্থিত থকা এই কাৰ্যসূচীত এবছৰৰ ভিতৰত আন পৰিবহন বিভাগৰ ১৮টা সেৱা প্ৰদানৰ লক্ষ্য নিৰূপিত হয়।
আশা কৰা হৈছে, পৰিবহন বিভাগৰ এই পদক্ষেপে ৰাজ্যত বাহনৰ লাইচেঞ্চ প্ৰদানৰ নামত চলি অহা অবাধ ধনৰ লেনদেনৰ বজাৰ খন অন্ত হোৱাৰ লগতে ৰাইজে বাহন চলাচলৰ বাবে অনুমতিৰ প্ৰমাণপত্ৰ লাভৰ ক্ষেত্ৰত অযথা হাৰাশাস্তিৰ সন্মুখীন নহ’ব।
Photo: Khatang Khobor
Discussion about this post