SI জোনমণি ৰাভাৰ (SI Junmoni Rabha) বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগৰ (Scam Issue) আঙুলি উত্থাপন হোৱাৰ পিছতে নগাঁৱৰ পৰা কলিয়াবৰলৈ তাৎক্ষণিকভাবে বদলি (Transferred To Kaliabor) কৰা হৈছে জোনমণিক।
উল্লেখ্য যে ৪ মে’ত নগাঁও আৰক্ষীয়ে (Nagaon Police) প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মাজুলীৰ যুৱক তথা জোনমণি ৰাভাৰ হ’বলগীয়া স্বামী ৰাণা প’গাগক। এই ৰাণা প’গাগৰ সৈতে আছিল এছ আই জোনমণি ৰাভাৰ সম্পৰ্ক। দুয়োৰে বিয়া হোৱাৰ কথা আছিল। ৰাণা প’গাগে নিজকে অইলৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়াৰ অভিযোগ উত্থাপন কৰি পৰৱৰ্তী সময়ত ৰাণাক (Fiancé Rana Pogag) জে’ললৈ প্ৰেৰণ কৰিছিল। বহুতেই প্ৰশ্ন উত্থাপন কৰিছিল জনপ্ৰিয় হোৱাৰ বাবেই তেনেদৰে হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰিছিল জোনমণিয়ে।
ৰাণাৰ বিৰুদ্ধে উত্থাপিত হৈ আছিল বহুতকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ। ইয়াৰ মাজতে ৰাণা জ’ললৈ যোৱাৰ পিছত এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰৱঞ্চনাৰ গোচৰ।
প্ৰৱঞ্চনাৰ বলি হোৱা মাজুলীৰ (Majuli) অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে জোনমণিৰ বিৰুদ্ধে উত্থাপন কৰিছিল প্ৰৱঞ্চনাৰ গোচৰ। জোনমণি আৰু প্ৰৱঞ্চিত ঠিকাদাৰৰ মাজত মোবাইলত হোৱা ধনৰ লেনদেনৰ এক কল ৰেকৰ্ডিঙো ভাইৰেল (Mobile Voice Recording Viral In Social Media) হৈ পৰিছিল। হ’বলগীয়া স্বামীৰ সৈতে মিলি এই প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।
এনে অভিযোগ, বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে তাৎক্ষণিকভাৱে নগাঁৱৰ পৰা বদলি কৰা জোনমণি ৰাভাই কলিয়াবৰত (Transferred To Kaliabor) যোগদান কৰিছে।
Photo: Google
Discussion about this post