সাধাৰণ জনতাৰ মূৰত আকৌ মাধমাৰ। পুনৰ বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ (Commercial LPG cylinder) দাম (Price)। ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ১০৫ টকাকৈ বৃদ্ধি। আজিৰে পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।
বৰ্দ্ধিত মূল্যৰে দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’লগৈ ২০১২ টকা। আনহাতে ২৭ টকা বৃদ্ধি হৈছে ৫ কেজি ওজনৰ এলপিজি চিলিণ্ডাৰৰ মূল্য।
লগতে মূল্য বৃদ্ধি পালে গাখীৰৰ (Milk), আজিৰে পৰা প্ৰতিলিটাৰত ২ টকাকৈ বৃদ্ধি (Milk Price Hike)। আজিৰে পৰা দেশত বৃদ্ধি পালে গাখীৰৰ মূল্য। প্ৰতিলিটাৰ গাখীৰৰ মূল্য বৃদ্ধি পালে ২ টকাকৈ। আমূল কোম্পানীয়ে বৃদ্ধি কৰিলে আমূল ব্ৰেণ্ডৰ গাখীৰৰ মূল্য।
সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব এই মূল্য। এতিয়াৰে পৰা আমূল গোল্ডৰ (Amul Gold) আধা লিটাৰ গাখীৰৰ মূল্য হ’ব ৩০ টকা। তেনেদৰে অন্য সমূহতো বৃদ্ধি পাব মূল্য।
আমূলৰ তাজা পেকেটৰ (Amul Taaza) প্ৰতি আধা লিটাৰত মূল্য হ’ব ২৪ টকা। লগতে আমূল শক্তিৰ মূল্য হ’ব এতিয়াৰে পৰা প্ৰতি আধা লিটাৰত ২৭ টকা।
ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ জুলাই মাহত বৃদ্ধি কৰিছিল গাখীৰৰ মূল্য। এইবাৰ এটা বৰ্ষ ভৰ্তি হোৱাৰ পূৰ্বেই আমূলে পুনৰ বৃদ্ধি কৰিছে গাখীৰৰ মূল্য। এই ক্ষেত্ৰত আমূলৰ কোম্পানীয়ে কয় যে, এই গাখীৰৰ পৰা পোৱা প্ৰতিটো এটকাৰ ৮০ পইচা গো-পালকসকললৈ যায় যিয়ে কোম্পানীত গাখীৰ যোগান ধৰে।
সেয়ে গাখীৰৰ মূল্য বৃদ্ধি পালে গো-পালকে সেই লাভ কৰে বুলি দোহাৰে কোম্পানীৰ ফালৰ পৰা। ইয়াৰ দ্বাৰা গোপালকসকল অধিক উৎসাহীত হৈ পৰে।
Photo: Google
Discussion about this post