বছৰৰ শেষৰদিনটোত পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। ছয়গাঁৱৰ গৰৈমাৰী ভাৱৰিয়া ভিঠাত সংঘটিত হৈছে এই ধৰ্ষণকাণ্ড (Rape Case)। মানৱ সমাজক লজ্জিত কৰা ধৰ্ষণ কাণ্ডই জোকাৰিছে ছয়গাঁৱৰ (Chhaygaon) গৰৈমাৰীৰ ভাৱৰিয়া ভিঠা।
১৪ বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ (Rape), তাৰ পিছত ব্লেকমেইলিং (BlackMailing) শ্বাহাদুল নামৰ যুৱকৰ। ভিডিঅ’ ভাইৰেল কৰাৰ কথা কয় দীৰ্ঘদিনে গঢ়ি আহিছিল যৌন সম্পৰ্ক (Sexual Harrasment)। বৰ্তমান ৩ মাহৰ অন্তঃসত্বা কিশোৰীগৰাকী।
এই ঘটনা সংঘটিত কৰিছে ভাৱৰিয়া ভিঠাৰ যুৱক শ্বাহাদুল নামৰ লম্পত এজনে। অন্তঃসত্বা হোৱাৰ পাছতে পোহৰলৈ আহিল গোটেই ঘটনা। জোৰশিমলু পহৰা চকীত ভুক্তভোগী পৰিয়ালে শ্বাহাদুলৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ, কিন্তু জোৰশিমুলী আৰক্ষী চকীৰ বিষয়াই লোৱা নাই কোনো পদক্ষেপ।
লম্পট শ্বাহাদুল বৰ্তমানেও মুকলিকৈ ঘূৰি ফুৰিছে। অতিকৈ দৰিদ্ৰ পৰিয়ালটো ন্যায় বিচাৰি কাষ চাপিলে সংবাদমাধ্যমৰ। পিতৃহীন দৰিদ্ৰ পৰিয়ালৰটোৱে আশ্ৰয় লয় আছে সম্বন্ধীয়ৰ ঘৰত। ন্যায় বিচাৰি অন্তঃসত্ব কিশোৰী আৰু মাতৃৰ হাহাকাৰ। আৰক্ষীৰ ভুমিকাত পৰিয়ালৰ সন্দেহ।
Photo & Input: Pritam Bayan
Discussion about this post