আপুনি হয়তো বহুপ্ৰকাৰৰ প্ৰেম কাহিনীৰ (Love Story) বিষয়ে শুনিছে কিন্তু এনে এক আজৱ প্ৰেমকাহিনী শুনি আপুনিও আচৰিত হ’ব। দৰাচলতে, ছচিয়েল মিডিয়াত এগৰাকী যুৱতীৰ প্ৰেমকাহিনীয়ে সকলোকে আচৰিত কৰি তুলিছে। কোৱা হৈছে যে যুৱতীগৰাকী এজন যুৱকৰ সৈতে সম্পৰ্কত (Relationship) আছিল, কিন্তু তাৰ পিছত তাই এনেকুৱা কিবা এটা জানিব পাৰিলে যিয়ে তাইৰ হৃদয় ভাঙি পেলাইছিল। যুৱকজনে যুৱতীগৰাকীক প্ৰতাৰণা কৰিছিল, এবাৰ নহয় তাকো দুবাৰ। যুৱতীগৰাকীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল (Viral) হৈ আছে।
যুৱতীগৰাকীয়ে যুৱকজনৰ পিতৃকে কৰোৱালে বিয়া
যুৱতীগৰাকীৰ নাম আগষ্টা হাবল (Augusta Hubble) আৰু তাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ (America) বাসিন্দা। যেতিয়া তাইৰ বয়স ২১ বছৰ আছিল, তাই এজন ৩০ বছৰীয়া যুৱকৰ প্ৰেমত পৰিছিল। যেতিয়া তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হৈছিল, সকলোবোৰ ঠিকেই আছিল। যুৱতীগৰাকীৰ মতে প্ৰেমিকে তাইৰ বাবে ফুল আনিছিল, উপহাৰ দিছিল আৰু বিবাহৰ বিষয়েও সুধিছিল।
ভিডিঅ’ত শুনাইছিল নিজৰ কাহিনী
এটা ভিডিঅ’ত যুৱতীগৰাকীয়ে কৈছিল যে দুয়োজনৰ মাজৰ সম্পৰ্ক দুবছৰলৈ চলিছিল কিন্তু তাৰ পিছত যুৱতীগৰাকীয়ে গম পাইছিল যে যুৱকজনে তাইৰ সৈতে প্ৰতাৰনা কৰি আছে। দৰাচলতে যুৱকজনে যুৱতীগৰাকীৰ বন্ধুৰ সৈতে মিলি প্ৰতাৰণা (Cheat) কৰি আছিল। যুৱতীগৰাকীৰ প্ৰেমিকেও এইটো কথা স্বীকাৰ কৰিছিল। যুৱতীগৰাকীয়ে প্ৰেমিকক দ্বিতীয়বাৰ সুযোগো দিছিল কিন্তু পুনৰ হাতে-লোটে ধৰা পৰে।
দুবাৰকৈ প্ৰতাৰণা কৰাৰ পিছত যুৱতীগৰাকীয়ে তাইৰ প্ৰেমিকৰ সৈতে সম্পৰ্ক ব্ৰেকআপ কৰি ল’লে। ইয়াৰ পিছত যুৱতীগৰাকীৰ প্ৰেমিকৰ পিতৃ পচন্দ হ’ল আৰু তেওঁৰ লগত বিয়া কৰোৱালে (Marriage with lover’s father)। টিকটকৰ এটা ভিডিঅ’ত হাবলে কৈছিল যে তেওঁ প্ৰাক্তন প্ৰেমিকৰ পিতৃৰ সৈতে তেওঁৰ পঞ্চম বাৰ্ষিকী উদযাপন কৰিছে আৰু এতিয়া মই বহুত সুখী (Girl Married To Father Of Her Ex Boyfriend)।
Photo: Google
Discussion about this post