মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পিছত কংগ্ৰেছ এৰা তালিকাখনত যোগ হ’ব সুশান্ত বৰগোঁহাইৰ নাম। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মতেই কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ যো-জা চলাইছে থাওৰাৰ বিধায়ক সুশান্তই।
ভাল দিন বাৰ চাই দুই এদিনতে বিজেপিত যোগদান কৰিবলগীয়া সুশান্তই ইতিমধ্যে ৰাজনৈতিক পৰামৰ্শদাতাৰ পৰা সেউজ সংকেত আদায় কৰাৰ লগতে শুভাকাংক্ষী আৰু বন্ধুমহলক জনাই দিছে বিজেপিয় যোগদানৰ চূড়ান্ত সিদ্ধান্তৰ কথা। সুশান্ত বৰগোঁহাইৰ এই সিদ্ধান্তক লৈ ছচিয়েল মেডিয়াত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে বহুজনে। কিন্তু কিয় কংগ্ৰেছ এৰিব দুবাৰৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে? সুশান্তক লৈ কি পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?
সুশান্ত বৰগোহাঁইক লৈ এক দীৰ্ঘম্যাদী পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সুশান্ত বৰগোহাঁইক লৈ এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছে ৰাজনীতিত বহু দূৰলৈকে চিন্তা কৰা বুলি নাম থকা মুখ্যমন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাই।
আহোমৰ নেতা হ’ব সুশান্ত। সুশান্ত বৰগোঁহাইক আহোমৰ নেতা বনোৱাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উজনিত একপ্ৰকাৰ নাই আহোমৰ প্ৰতিষ্ঠিত নেতা। আজিৰ তাৰিখত আহোমক প্ৰতিনিধিত্ব কৰি আছে কেইজনমান বিধায়কৰ লগতে সাংসদ তপন গগৈ আৰু মন্ত্ৰী যোগেন মহনে। মন্ত্ৰী হ’লেও যোগেন মহন সমগ্ৰ সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰা বুলি ক’ব পৰা নেতা নহয়।
একালৰ ছাত্ৰ নেতা,প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ তপন গগৈ সম্ভৱনাপূৰ্ণ নেতা যদিও, তপন গগৈ পৰিচিত সৰ্বানন্দ সোণোৱালৰ শিৱিৰৰ মানুহ হিচাপে সেয়ে হিমন্ত বিশ্ব শৰ্মাক লাগে নিজৰ এজন প্ৰতিষ্ঠিত আহোমৰ নেতা। চৰ্চা চলিছে এই আসখন পূৰণ কৰিবৰ বাবেই বিজেপিলৈ সুশান্ত।
গৌৰৱ গগৈক প্ৰতিহত কৰিব সুশান্তই। আজিৰ তাৰিখত তুচ্ছ তাচ্ছিল্য কৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালকৈয়ে জানে, এদিন সমগ্ৰ আহোম সম্প্ৰদায়ৰেই এজন প্ৰতিষ্ঠিত নেতা হৈ উঠিব গৌৰৱ গগৈ। গৌৰৱ গগৈক প্ৰতিহত কৰিবলৈ হ’লে বিজেপিত থাকিব লাগিব গৌৰৱৰ সমান্তৰাল আন এজন আহোম নেতা। বিজেপিত কোন হ’ব গৌৰৱৰ সমকক্ষ নেতা?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা, সুশান্ত বৰগোঁহাই হ’ব গৌৰৱ গগৈক প্ৰতিহত কৰিব পৰা বিজেপিৰ আহোম নেতা।
কংগ্ৰেছক পাকে প্ৰকাৰে প্ৰতিষ্ঠা কৰিব লাগে মিঞা কিম্বা মুছলমানৰ দল হিচাপে। ইতিপূৰ্বে ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰাৰ কাৰণ হিচাপে এই কথাটোও উল্লেখ কৰিছে। সুশান্ত বৰগোঁহাইয়ো কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ লগে লগে বিজেপিয়ে পাব আৰু এটা সুযোগ। বুকু ফিন্দাই পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে ক’ব কোনোৱেই নাথাকিব গৈ,কেৱল মিঞাহে থাকিবগৈ কংগ্ৰেছত।
এইকেইটা কৰণৰ উপৰিও বিজেপিত যোগদানৰ আঁৰত যে সুশান্ত বৰগোঁহাইৰ একান্ত ব্যক্তিগত কেইটামান কাৰণ নাই এনে নহয়।
বিজেপিলৈ আহিয়েই মন্ত্ৰী হ’ব সুশান্ত। হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত স্থান দিব সুশান্ত বৰগোঁহাইক। সুশান্তলৈ বাট মোকলাবৰ বাবেই বাদ পৰিব যোগেন মহন।
এই সকলোবোৰ বাদ দিলেও থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই আটাইতকৈ শংকিত হোৱাৰ কাৰণটোৱেই হৈছে ‘কিমান দিনলৈ থাকিব বিৰোধী হৈ’।
সুশান্তৰ বিশ্বাস, ১৫ বছৰ নহলেও দহ বছৰলৈ সলনি নহয় চৰকাৰ। ইমান দিন কেনেকৈ থাকিব বিৰোধিৰ বিধায়ক হৈ। সুশান্ত বৰগোঁহাইৰ বিজেপি গমনৰ এই প্ৰস্তুতিৰ বিপৰীতে কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ অনুসৰি, বিধায়িনী দলৰ নেতা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল সুশান্ত বৰগোঁহাইক। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদো দিম বুলি কৈছিল সুশান্তক।
Photo: Google
Discussion about this post