‘আগন্তুক লোকসভা নিৰ্বাচনত (Lok Sabha Election) ধুবুৰী লোকসভা সমষ্টিত (Dhubri Lok Sabha Constituency) যদি শুকুৰ আলীয়ে (Shukur Ali) বিজেপিৰ সংখ্যালঘু প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেন্তে সহজে পৰাস্ত কৰিব পাৰিব বদৰুদ্দিন আজমলক (Badruddin Ajmal)‘- এই বিশ্বাস বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ (Mla Rupjyoti Kurmi)।
মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দাবী কৰা অনুসৰি শুকুৰ আলী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এগৰাকী জনপ্ৰিয় আৰু শক্তিশালী নেতা।
ছচিয়েল মিডিয়াত প্ৰায়ে চৰ্চাৰ কাৰণ হৈ পৰা শুকুৰ আলীয়ে ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে এআইইউডিএফৰ (AIUDF) বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলক পৰাস্ত কৰিব পাৰিব বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে (BJP) আটাইকেইটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হ’ব বুলি দৃঢ়তাৰে মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে। যোৱা পৌৰসভা নিৰ্বাচন তাৰেই প্ৰমাণ।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/man-mowed-down-by-his-automatic-car-viral-video/11771/
Discussion about this post