মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) চমক সৃষ্টি কৰিছে কিন্তু কামত একো কৰিব পৰা নাই। সকলো দিশতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ বিফল হৈছে। এই অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (All India Trinamool Congress President Ripun Bora)।
কংগ্ৰেছৰ সভাপতিগৰাকীৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাই মহম্মদ বিন টোগলকৰ নিচিনাকৈ চৰকাৰ চলাইছে। লগতে ৰিপুন বৰাই কয় যে- ‘সমগ্ৰ ৰাজ্যৰ মোবাইল ইণ্টাৰনেট (Mobile Internet) বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে।’
পৰিক্ষাৰ নামত ইন্টাৰনেট কাটি কি বুজাব বিচাৰিছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰাইজক পনবন্দী কৰি ইণ্টাৰনেট সেৱা কাটি দিয়াৰ অভিযোগ তোলে তৃণমূল কংগ্ৰেছে (Trinamool Congress)।
পৰীক্ষাৰ নামত নেট কাটি দিয়াত ভাৰতৰ ভিতৰতে অসমেই প্ৰথম ৰাজ্য। দেশৰ জৰুৰীকালীন সংকটৰ সময়তহে ইণ্টাৰনেট সেৱা কৰ্তন কৰিব পাৰে বুলি কয় ৰিপুন বৰাই। তেওঁ লগতে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰি কয় যে- ‘অসম লোকসেৱাৰ (APSC) পৰীক্ষা পাতিলে কি ৰাজ্যত লক ডাউন দিব নেকি?’
Photo: Google
Discussion about this post