এয়া হ’ল গণতন্ত্ৰৰ জয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) বলবৎ কৰা তিনিখন কৃষি আইন (Farm Laws Withdrawn) বাতিল কৰা হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Nagaon Congress MP Pradyut Boedoloi)।
“The power in people is stronger than people in power.”#Farmlaw pic.twitter.com/foM8FQok0l
— Pradyut Bordoloi (@pradyutbordoloi) November 19, 2021
দেশৰ সকলো স্তৰৰ কৃষকৰ কল্যাণ হোৱাৰ দাবীৰে কেন্দ্ৰস্থ বিজেপি চৰকাৰে বিগত বৰ্ষৰ ২০ ছেপ্তেম্বৰত সংসদত গৃহীত কৰিছিল তিনিখন কৃষি আইন।
Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020, Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020 আৰু Essential Commodities (Amendment) Bill 2020.
মোডী চৰকাৰৰ এই তিনিখন বিলক কৃষক বিৰোধী আখ্যা দি দেশজুৰি আৰম্ভ হৈছিল চৰকাৰ বিৰোধী আন্দোলন। কৃষি বিলৰ (Farm Laws) বিৰুদ্ধে চলি থকা এই কৃষকৰ এই আন্দোলনত প্ৰাণ গৈছিল প্ৰায় ৭ শ কৃষকৰ। তাৰ পিছটো গা লৰা নাছিল মোডী চৰকাৰৰ।
কিন্তু শেহতীয়াকৈ দেশৰ কেইবাটাও সংসদীয় আৰু বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ- নিৰ্বাচনত (By Election) বাৰুকৈয়ে মুখ থেকেছা খালে বিজেপিয়ে।
বিজেপিৰ এই বিপৰ্যয়ৰ কাৰণ যে দেশজুৰি অব্যাহত থকা কৃষকৰ আন্দোলন সেয়া বুজি উঠিল প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। আৰু সেই কথা বুজিব পাৰিয়েই অৱশেষত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’ল মোডী চৰকাৰ। শুকুৰবাৰে স্বয়ং প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ কথা।
কৃষি আইন বাতিলৰ মোডীৰ এই ঘোষণাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Boedoloi)। সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত সাংসদ বৰদলৈয়ে কয় যে, গণতন্ত্ৰৰ শক্তিৰ ওচৰত স্বেচ্ছাচাৰিতাৰ পৰাজয় হ’ল। সংসদত থকা সংখ্যাধিক্যৰ বাবেই বিজেপি চৰকাৰে অন্যায়ভাৱে কৃষক বিৰোধী তিনি খন ক’লা কৃষি আইন পাছ কৰিছিল।
এই তিনি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে সংঘবদ্ধ আন্দোলন কৰি আহিছে। চৰকাৰে কৰ্ণপাত কৰা নাছিল। কিন্তু অৱশেষত চৰকাৰ নতজানু হ’বলৈ বাধ্য হ’ল। আৰু এয়াই হ’ল গণতন্ত্ৰৰ জয়।
Input: মানস জ্যোতি বৰুৱা
Discussion about this post