অসম বিধানসভাৰ (Assam Assembly) ২০২২-২৩ বৰ্ষৰ বাজেট অধিবেশনৰ প্ৰথম দিনাখনে বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক (Sivasagar MLA Akhil Gogoi)। ৰাজ্যপালৰ ভাষণৰ সময়ত হুলস্থলীয়া পৰিবেশ সৃষ্টি কৰাৰ সময়তে বিধানসভাৰ অধ্যক্ষই বিধায়ক অখিল গগৈক (Akhil Gogoi) বহিষ্কাৰ কৰে।
বিধানসভাৰ বাজেটে অধিবেশনৰ প্ৰথম দিনাখনে বহিষ্কাৰৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে প্ৰয়োজন হ’লে বিধায়ক পদ ত্যাগ কৰিবলৈয়ো সাজু বুলি কয়।
“মুখ্যমন্ত্ৰীয়ে মোৰ ভাষণৰ ওপৰত ডেৰ ঘণ্টা ভাষণ দিয়ে আৰু মই এক মিনিট কথা ক’লেই বহিষ্কাৰ কৰে,”- এই মন্তব্যৰে ক্ষোভ প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। ইফালে সদনৰ পৰা বহিস্কাৰৰ পিছতে বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যপালৰ ভাষণত অসমৰ মূল সমস্যা উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে (Akhil Gogoi)।
ভুল তথ্যৰে ৰাজ্যপালে বাজেট ভাষণ প্ৰদান কৰাৰ অভিযোগ তুলি বিধায়কগৰাকীয়ে কয় যে ৰাজ্যপালৰ ভাষণ চৰকাৰৰ নিয়মীয়া কাম-কাজৰ প্ৰশংসাৰ বাহিৰে আন একো নহয়।
অখিল গগৈয়ে (Akhil Gogoi) কয়, ‘‘ভাষণত কোৱা হৈছে, অসমৰ কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা হৈছে, চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিছে। ১০ লাখ মেট্ৰিক টন ধান অসমৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হ’ব। ইয়াত লিখা আছে যে ৮৬ হাজাৰ মেট্ৰিক টন ধানহে এতিয়ালৈ ক্ৰয় কৰা হৈছে। অৰ্থাৎ ১০ ভাগৰ এক অংশও সাফল্য লাভ কৰা নাই। চৰকাৰ বিফল হৈছে। অথচ ইয়াত কোৱা হৈছে চৰকাৰ সাংঘাতিকভাৱে সফল হৈছে। ৰাজ্যপালে মিছা কথা কৈ থাকিব আৰু জনপ্ৰতিনিধি হিচাপে আমি মনে মনে বহি থাকিম, সেয়া হ’ব নোৱাৰে।’’
গগৈয়ে লগতে কয়, ‘‘এই চৰকাৰে ১ লাখ নিযুক্তি দিম বুলি কৈছিল। ১০ মে’ ২০২২ৰ ভিতৰত নিযুক্তি দিম বুলি কৈছিল। ইয়াত কোৱা হৈছে যে ২৭ হাজাৰ আৰু ৩৭ হাজাৰ নিবনুৱা নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক’ৰবাত ব্যৱস্থা গ্ৰহণ কৰিছেনে? ৰাজ্যপালৰ ভাষণত ১ লাখ নিবনুৱাৰ নিযুক্তি সম্পৰ্কে মিছা কথাৰ অৱতাৰণা কৰা হৈছে। কি কৰিলে, ক’ত কৰিলে আমি কোনেও নাজানে। এনে মিছা কথা জন প্ৰতিনিধিয়ে শুনি থকা উচিত নহয়। প্ৰতিবাদ কৰাৰ কাৰণে মোক সদনৰ পৰা বহিষ্কাৰ কৰিছে।’’
উল্লখ্য আজিৰে পৰা অসম বিধানসভাৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট অধিবেশন আৰম্ভ হয়। ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ ভাষণেৰে বাজেট অধিবেশন আৰম্ভ হয়। ১১ দিনীয়া কাৰ্য্যসূচীৰে এইবাৰৰ বাজেট অধিবেশন চলিব। ১৬ মাৰ্চত বিত্তীয় মন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত সম্পুৰ্ণ বিত্তীয় বাজেট দাখিল কৰিব।
Photo & Input: Khatang Khobor
Discussion about this post