সমগ্ৰ ৰাজ্যতে পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। মহানগৰীতো (Guwahati) CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত (CAA Against Protest)। নেছ’ৰ উদ্যোগত বুধবাৰে গুৱাহাটীত ‘কা’ বাতিলৰ দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ।
CAA বিৰোধী প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকা (Minister Pijush Hazarika) কয় যে- ‘CAA সমৰ্থন কৰিয়ে নিৰ্বাচন জিকিছো। CAA বলৱৎ হ’লে লাখ লাখ মানুহ আহিব বুলি কৈছিল, কিন্তু ক’ত আহিল? মিছা কথাৰ মায়াজালৰ পৰা অসমৰ মানুহ মুক্ত হ’ল।
তেওঁ লগতে কয় যে- আমি ‘CAA’ সমৰ্থন কৰোঁ। কোনোবাই বিৰোধিতা কৰে, সেইটো তেওঁলোকৰ নৈতিক অধিকাৰ আছে। সকলোৰে মতাদৰ্শ বেলেগ বেলেগ। আমি মিছা কথা কৈ ৰাজনীতি কৰা নাই, অসমৰ ৰাইজে জানে। ‘কা’ৰ বিৰোধিতা কৰা একাংশই আমাৰ ঘৰ-দূৱাৰ ভাঙি দিছিল। তথাপিও আমি নিৰ্বাচনত জয়ী হৈছে।
আমাৰ মতাদৰ্শৰ বিৰোধী লোকসকলক মই অসন্মান কৰা নাই। ৰাইজে বুজিলে যে, আমাৰ মতাদৰ্শই ৰাইজক ঠগোৱা নাই।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-banana-flower-benefits-for-health/11188/
Discussion about this post