আপুনি থকা ঠাইখনৰ নামটো সলনি কৰিব বিচাৰে নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) দিছে এই সুযোগ। ৰাজ্য চৰকাৰক এই সন্দৰ্ভত আপুনি দিব পাৰিব পৰামৰ্শ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) টুইটাৰ যোগে জনাই এই কথা। এই প্ৰক্ৰিয়াটোৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিব বিশেষ পৰ্টেল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত টুইট কৰি কয় যে, THERE’S MUCH IN A NAME
Name of a city, town or village should represent its culture, tradition & civilisation.
We shall launch a portal to invite suggestions on change of names across Assam which are contrary to our civilisation, culture & derogatory to any caste or community.
THERE’S MUCH IN A NAME

— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) February 16, 2022
ইফালে মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma) এই টুইটকলৈ এতিয়া আৰম্ভ হৈছে বিশেষ চৰ্চা। ছচিয়েল মিডিয়াত শ্বেয়াৰ হৈছে বিভিন্নধৰণৰ মীম। বিৰোধীয়েও চৰকাৰৰ এই ঘোষণাৰ কঠোৰ সমালোচনা কৰিছে। ইফালে ইয়াক লৈ বিৰোধীৰ প্ৰশ্ন- ‘গাওঁ, চহৰৰ নাম সলনি কৰিলে মানুহৰ পেট ভৰিব নেকি?’
Photo: Twitter
Discussion about this post