২২ এপ্ৰিলত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা (Guwahati Municipal Corporation Election Result) আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত (Maniram Dewan Trade Centre) স্থাপন কৰা গণনা কক্ষত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া।
মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি (BJP)। GMC নিৰ্বাচনত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা আম আদমী পাৰ্টীলৈও আহিছে আশাৰ খবৰ। শেহতীয়া তথ্য অনুসৰি ৪২ নং ৱাৰ্ডত জয়লাভ কৰিছে আপৰ প্ৰাৰ্থী। আপৰ প্ৰাৰ্থী (AAP Candidate) মাচুমা বেগমৰ জয়লাভ। জয়লাভ কৰি সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমে। তেওঁ কয়- ‘মই ধৰ্মৰ ৰাজনীতি নকৰোঁ, কৰ্মৰ ৰাজনীতি কৰিম।’
ইফালে শেহতীয়া তথ্য অনুসৰি ১৩নং ৱাৰ্ডত জয়লাভ কৰিছে অগপৰ প্ৰাৰ্থী। ১৩নং ৱাৰ্ডত অগপ (AGP)ৰ প্ৰাৰ্থী পূৰৱী তালুকদাৰৰ জয়লাভ। উল্লেখ্য যে, ৫৭টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।
তাৰ ভিতৰত বিজেপিৰ (BJP) ৫০ গৰাকী, কংগ্ৰেছৰ (CONGRESS) ৫৪ গৰাকী, অসম গণ পৰিষদৰ (AGP) ৭ গৰাকী, AAPৰ ৩৮ গৰাকী, অসম জাতীয় পৰিষদৰ (AJP) ২৫ গৰাকী, CPIMৰ ৪ গৰাকী আৰু নিৰ্দলীয়সহ অন্যান্য দলৰ প্ৰাৰ্থী আছে ১৯ গৰাকী।
৯ বছৰৰ মূৰত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (Guwahati Municipal Corporation Election) এইবাৰ প্ৰথমবাৰৰ বাবে ই ভি এম ব্যৱহাৰ হৈছে।
Photo: Khatang Khobor
Discussion about this post