কি হৈছে শিক্ষা মন্ত্ৰীৰ (Education Minister Ranoj Pegu); কি হৈছে এইখন চৰকাৰৰ (Assam Govt)! ৰাজ্যৰ বহু কেইখন কলেজলৈ চৰকাৰে আগবঢ়াব এটা বিশেষ উপহাৰ। এইবাৰ এই চৰকাৰখনে কলেজে-কলেজে বাইক (Bike For College) দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া সকলোৰে মাজত চলিছে এক বিশেষ চৰ্চা। ৰাজ্যৰ ১৮১খন কলেজলৈ এখনকৈ বাইক উপহাৰ দিব ৰাজ্য চৰকাৰে। CSR পুঁজিৰ জৰিয়তে ২০২১-২২ বৰ্ষৰ বাবে দিয়া হ’ব বাইকসমূহ।
বৰপেটাৰ এম চি কলেজ, বিএইছ কলেজ, নৱজ্যোতি কলেজ, বাপুজী কলেজ, বৰনগৰ কলেজকে ধৰি ১১খন কলেজলৈ বাইকসমূহ যোগান ধৰিছে দিশান্ত মটৰছ নলবাৰীয়ে।
সেই একেদৰে বিশ্বনাথৰ ৪খন কলেজলৈ বাইক যোগান ধৰিছে তেজপুৰৰ ভি কিং মটৰছে। বঙাইগাঁৱত ৪ খন কলেজত প্ৰ’ মটৰ বঙাইগাঁৱে, কাছাৰৰ ১০খন কলেজক টিপকো এণ্টাৰ প্ৰাইজ প্ৰাইভেট লিমিটেড গুৱাহাটীয়ে যোগান ধৰিছে বাইক।
কামৰূপ মহানগৰৰ আৰু গ্ৰাম্যৰ প্ৰায় ২২খন কলেজক বি আৰ ব্ৰিজি মোহন এণ্ড ছনছ প্ৰাইভেট লিমিটেড আৰু দিশান্ত মটৰছ নলবাৰীয়ে বাইকসমূহ যোগান ধৰিছে।
আনহাতে চৰাইদেউৰ ২খন কলেজক ভূঞা অট’মোবাইল শিৱসাগৰে, দৰঙৰ ৩খন কলেজক শ্ৰী সাই মটৰছ মঙলদৈ, ধেমাজিৰ ৭খন কলেজক তেজপুৰৰ ভি কিং মটৰছে, ধুবুৰীৰ ৭খন কলেজক ক্ৰমে দিশান্ত মটৰছ নলবাৰী, শ্ৰী সাই মটৰছ মঙলদৈয়ে যোগান ধৰিছে বাইক।
যিটো সময়ত চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে দান বৰঙণি বিচাৰিবলগীয়া অৱস্থা হৈছে তেনে সময়ত চৰকাৰৰ এই সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে। কোটি কোটি টকা খৰচ কৰি এই চৰকাৰখনে কিহৰ বাবে এই বাইকসমূহ যোগান ধৰিবলৈ ওলাইছে তাকে লৈ বিভিন্নধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ ৰাইজৰ মনত।
CSR ধনেৰে মহাবিদ্যালয়ৰ আন্তঃগাঠনি উন্নতকৰণ, শ্ৰেণী নিৰ্মাণ, কম্পিউটাৰ ক্ৰয় কৰাৰ এটা থল আছিল কিন্তু সেই ধনেৰে অনাবশ্যকীয়ভাবে কলেজসমূহলৈ বাইক দিয়াৰ কথাই যুক্তহীন। নে চৰকাৰে একাংশ বাইকৰ কোম্পানীসমূহক সন্তুষ্ট কৰি কাৰোবাৰ কমিছনৰ অংকত চি এছ আৰ ফাণ্ডৰ নামত মহাবিদ্যালয়সমূহলৈ বাইক দিয়া হৈছে নেকি সেয়াও এক চিন্তিত বিষয়।
Photo: Google
Discussion about this post