‘এইবাৰ HSত লেটাৰ নম্বৰ পোৱা সকলো ল’ৰাই লাভ কৰিব স্কুটী আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰীয়ে লাভ কৰিব স্কুটী।’- মঙলবাৰে ওদালগুৰিত (Udalguri) সৌৰ শক্তি প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) এই ঘোষণা।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। অৰুণোদয় (Arunoday Scheme) পোৱা পৰিয়ালে ঘৰৰ আগত ওলমাব লাগিব ছাইন ব’ৰ্ড। ৰুব লাগিব গছ পুলি। ১০ অক্টোবৰৰ পৰা বৃদ্ধি হ’ব অৰুণোদয় আঁচনিৰ ধন। ১২৫০ টকা লাভ কৰিব প্ৰতিজন হিতাধিকাৰীয়ে। নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত হ’ব ৬ হাজাৰ পৰিয়াল।
লগতে তেওঁ কয় যে, স্বদেশ প্ৰেমৰ প্ৰমাণ দিবলৈ প্ৰতিজন ভাৰতীয়ই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিঘৰত উত্তোলন কৰিব লাগিব ত্ৰিৰংগা পতাকা। ১৬ টকা মূল্যত কিনিব লাগিব ত্ৰিৰংগা।
আনহাতে ৬ আগষ্টত মেট্ৰিকত ষ্টাৰ, লেটাৰ নম্বৰ পোৱা শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ১৬ হাজাৰ টকাকৈ। আনন্দৰাম বৰুৱা বঁটাৰ পৰিৱৰ্তে এইবাৰ ১৬ হাজাৰ টকাকৈ দিব চৰকাৰে।
আনহাতে দুৰ্গা পূজাৰ পূৰ্বে উচ্চতৰ মাধ্যমিকত লেটাৰ নম্বৰ পোৱা সকলো ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰীকে স্কুটী প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ।
Photo: Google
Discussion about this post