অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক শেহতীয়াভাৱে সাক্ষাৎ কৰে। অসমৰ চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যাকে ধৰি ৰাজ্যৰ অন্যান্য সমস্যা সমূহ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰে আলোচনা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই।
মঙলবাৰে নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানে সংসদৰ বৰ্ষাকালীন অধিবেশনত ব্যস্ত হৈ থকা অসমৰ সাংসদসকলৰ সৈতে এক নৈশ ভোজৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ অসম ভৱনত আয়োজন কৰা এই নৈশ ভোজৰ কাৰ্যসূচীত সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, অজিত কুমাৰ ভূঞা, কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ, গৌৰৱ গগৈ, ভুবনেশ্বৰ কলিতাকে আদি কৰি লোকসভা আৰু ৰাজ্যসভাৰ ৰাজ্যৰ সাংসদসকল উপস্থিত থাকে।
মঙলবাৰৰ নিশাৰ এই নৈশ আহাৰৰ কাৰ্যসূচীত ৰাজ্যৰ উন্নয়ন তৰান্বিত কৰাক লৈ অসম শাসক-বিৰোধীৰ উভয়ৰে সাংসদৰ সৈতে এক সৌহাৰ্দ্যমূলক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী।
Photo: Facebook




























Discussion about this post