ইটালী (Italy)ত বাস কৰা এজন লোকে তেওঁৰ পত্নী (Wife)ৰ ওপৰত ইমানেই বিৰক্ত হৈছে যে তেওঁ আৰক্ষীক অনুৰোধ জনাই কয় যে তেওঁক জেলত (Jail) ভৰাই থ’ব লাগে, কাৰণ তেওঁ পত্নীৰ সৈতে আৰু থাকিব নোৱাৰে। দৰাচলতে, ড্ৰাগছৰ গোচৰত এই লোকজনক গৃহবন্দী কৰাৰ শাস্তি দিয়া হৈছে। এনে পৰিস্থিতিত, তেওঁ তেওঁৰ পত্নীৰ সৈতে প্ৰতিটো মুহূৰ্ত অতিবাহিত কৰিব লাগিব, যিটো তেওঁৰ বাবে অত্যন্ত কঠিন হৈ পৰিছে।
Wifeৰ সৈতে থকাটো অধিক ভয়ংকৰ
পত্নী ভুক্তভোগী লোকজন ইটালীৰ ৰাজধানী ৰোম (Rome)ৰ বাসিন্দা। ৰোম আৰক্ষীয়ে দেওবাৰে কৈছিল যে গৃহবন্দী লোকজনে হঠাতে তেওঁলোকৰ কাষ চাপিছিল আৰু তেওঁক জেলত ভৰাই থ’বলৈ অনুৰোধ জনাইছিল। লোকজনে কৈছিল যে তেওঁ তেওঁৰ পত্নীৰ সৈতে এটা ঘৰতে থাকিব নোৱাৰে। পত্নীৰ সৈতে বাস কৰাটো কাৰাগাৰত থকাতকৈ অধিক ভয়ানক, সেয়েহে তেওঁক জেললৈ পঠিয়াই দিব লাগে।
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/woman-shot-dead-after-she-dressed-as-a-ghost/3843/
পত্নীৰ দাবীত (Demands) বিৰক্তি
এই ৩০ বছৰীয়া লোকজন তেওঁৰ পত্নীৰ অদ্ভুত দাবীত অসন্তুষ্ট হৈ পৰিছে। আৰক্ষী বিষয়াসকলে কৈছিল যে লোকজন তেওঁৰ পত্নীৰ দাবী শুনি শুনি বিৰক্ত হৈ উঠিছে। তেওঁ কোৱা অনুসৰি পত্নীয়ে তেওঁক জোৰ কৰি যৌন সম্ভোগ (Sex) কৰিবলৈ বাধ্য কৰে, যিটো তেওঁৰ বাবে আৰু সম্ভৱ নহয়। লোকজনে কৈছিল যে যেতিয়া তেওঁ তেওঁৰ পত্নীৰ ইচ্ছা পূৰণ কৰিব নোৱাৰে, তেতিয়া তেওঁক বিভিন্ন ধৰণে অত্যাচাৰ কৰা হয়। গতিকে তেওঁক ঘৰত থকাৰ পৰিৱৰ্তে কাৰাগাৰত থাকিবলৈ দিয়া উচিত।
পলাই চিধা Police Stationত উপস্থিত হয়
আৰক্ষীয়ে জনোৱা অনুসৰি, গৃহবন্দী হৈ থকা লোকজন কেনেবাকৈ তেওঁৰ ঘৰৰ পৰা পলাই আহি পোনে পোনে আৰক্ষী চকীলৈ গৈছিল। তেওঁ কৰ্তৃপক্ষক অনুৰোধ কৰিছিল যে তেওঁক বাকী শাস্তি কাৰাগাৰত কটাবলৈ অনুমতি প্ৰদান কৰে যেন। ড্ৰাগছ (Drugs) সম্পৰ্কীয় অপৰাধৰ বাবে লোকজনক কেইবা মাহ ধৰি গৃহবন্দী কৰি ৰখা হৈছে, তেওঁৰ শাস্তি শেষ হ’বলৈ আৰু কেইবছৰমান বাকী আছে।
Photo: Google
Discussion about this post