এক পথ দুৰ্ঘটনাত (Road Accident) গুৰুতৰভাৱে আহত হয় এজন যুৱক। দুৰ্ঘটনাটোৰ পিছত যুৱকজনৰ অৱস্থা যথেষ্ট সংকটজনক আছিল। যাৰ বাবে যুৱকজনক প্ৰয়োজন আছিল তৎকালীন চিকিৎসাৰ।
কিন্তু চিকিৎসালয়লৈ নিবলৈ ১০৮ এম্বুলেঞ্চ সেৱা নাহিলে ঘটনাস্থলীত। যাৰ বাবে উপায়ন্তৰ হৈ এস্কেভেটৰেৰে স্থানীয় লোকে চিকিৎসালয়লৈ নিয়ে যুৱকজনক (Bulldozer Doubles Up As Ambulance For Injured Man)। এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ (Madhya Pradesh) কটনীত (Katni)৷
In Madhya Pradesh, Bulldozer Doubles Up As Ambulance For Injured Man https://t.co/XcmZuTgzEH
NDTV's Anurag Dwary reports pic.twitter.com/Ozo4AwmxD4
— NDTV (@ndtv) September 13, 2022
পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে তাত উপস্থিত থকা লোকে খবৰ কৰিছিল ১০৮ সেৱাত। কিন্তু আধা ঘণ্টা সময় পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাছিল ১০৮সেৱা। অৱশেষত উপায়হীন হৈ স্থানীয় ৰাইজে এস্কেভেটৰেৰে লৈ যায় চিকিৎসালয়লৈ।
বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰিছে যুৱকজনক এস্কেভেটৰেৰে চিকিৎসালয়লৈ লৈ যোৱাৰ এটা ভিডিঅ’৷
Photo: Twitter
Discussion about this post