Sugarcane Juice Side Effects: গৰমৰ দিনত শৰীৰটো ঠাণ্ডা আৰু সতেজ কৰি ৰাখিবলৈ কুঁহিয়াৰৰ ৰস খোৱাটো যথেষ্ট উপকাৰী হয়। আপোনালোকক জনাও যে কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণৰ শক্তি, মিনাৰেলছ, কেলচিয়াম, আইৰন আৰু পটাছিয়াম থাকে। সেয়েহে গ্ৰীষ্মকালত কুঁহিয়াৰৰ ৰস খোৱাৰ পৰামৰ্শ দিয়া হয়। কিন্তু কুঁহিয়াৰৰ ৰস সকলোৰে বাবে উপকাৰী নহ’বও পাৰে। কুঁহিয়াৰৰ ৰস খালে কিছুমান লোকৰ ক্ষতিও হ’ব পাৰে। যেনে ফুড পইজনিং, মেদবহুলতা আৰু চৰ্দিৰ ক্ষেত্ৰত কুঁহিয়াৰৰ ৰস একেবাৰে খাব নালাগে। এনে পৰিস্থিতিত আমি ইয়াত আপোনালোকক ক’ম কোনবোৰ লোকে কুঁহিয়াৰৰ ৰস খাব নালাগে।
এই লোকসকলে কুঁহিয়াৰৰ ৰস (Sugarcane Juice) খাব নালাগে-
ফুড পইজনিং (Food poisoning) হ’লে-
যদি আপোনাৰ Food poisoning হৈছে তেন্তে আপুনি কুঁহিয়াৰৰ ৰস একেবাৰে খাব নালাগে। কিয়নো ই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে যে কুঁহিয়াৰৰ ৰস ঠেলাত তৈয়াৰ কৰা হয়। সেই সময়ত মাখি কুঁহিয়াৰৰ ওপৰত বহি থাকে। ই কুঁহিয়াৰৰ ৰস অস্বাস্থ্যকৰ কৰি তুলিব পাৰে আৰু আপোনাৰ ক্ষতি কৰিব পাৰে।
যেতিয়া মুৰৰ বিষ (Headache) হয় –
কুঁহিয়াৰৰ ৰসে মূৰৰ বিষো ট্ৰিগাৰ কৰিব পাৰে। যদি আপোনাৰ মূৰৰ বিষৰ সমস্যা আছে তেন্তে কুঁহিয়াৰৰ ৰস খোৱা পৰিহাৰ কৰিব। ইয়াৰ কাৰণ হৈছে কুঁহিয়াৰৰ ৰস খালে আপোনাৰ এই সমস্যাটো আৰু বৃদ্ধি হ’ব পাৰে।
চৰ্দি-কাহ হ’লে- (Cold and Cough)
চৰ্দি হ’লে আপুনি কুঁহিয়াৰৰ ৰস খাব নালাগে। ইয়াৰ কাৰণ হৈছে কুঁহিয়াৰৰ ৰসৰ টেছিৰ ঠাণ্ডা আৰু ই চৰ্দি আৰু কাহৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
মেদবহুলতা (Obesity) বৃদ্ধি হ’লে –
যদি আপোনাৰ ওজন অধিক তেন্তে এই পৰিস্থিতিত অধিক কুঁহিয়াৰৰ ৰস খোৱা পৰিহাৰ কৰিব। কুঁহিয়াৰৰ ৰস খালে শৰীৰত কেলৰিৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে আৰু ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে। সেয়েহে যিসকল লোক শকত তেওঁলোকে কুঁহিয়াৰৰ ৰস খাব নালাগে।
যেতিয়া ৰক্ত শৰ্কৰা (Blood Suger) বৃদ্ধি হয়-
যদি আপুনি ডায়েবেটিছ ৰোগী তেনেহ’লে আপুনি কুঁহিয়াৰৰ ৰস খাব নালাগে কিয়নো কুঁহিয়াৰত চেনীৰ পৰিমাণ যথেষ্ট বেছি থাকে। এনে পৰিস্থিতিত যদি আপুনি কুঁহিয়াৰৰ ৰস খায় তেন্তে ই শৰীৰত গ্লাইচেমিক বোজা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত, শৰীৰত ৰক্ত শৰ্কৰা বৃদ্ধি হ’ব পাৰে। সেয়েহে, ডায়েবেটিক ৰোগীয়ে কুঁহিয়াৰৰ ৰসৰ পৰা দূৰত্ব ৰাখিব লাগে।
Photo: Google
Discussion about this post