Health Benefits Pumpkin Seeds: আপুনি ৰঙালাওৰ আঞ্জা বনোৱাৰ সময়ত ৰঙালাওৰ গুটিবোৰ পেলাই দিয়ে নেকি? যদি তেনে কৰে তেনেহ’লে এতিয়াৰ পৰা ইয়াক পেলাই নিদিব। কাৰণ ৰঙালাও গুটিৰ আছে বহু উপকাৰিতা।
আহক জানো ৰঙালাও গুটিৰ (Pumpkin Seeds) লাভালাভবোৰ কি কি?
১. ৰঙালাওত থকা হাইপ’গ্লাইকেমিয়া উপাদানে ডায়েবেটিছ আৰু হাই কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে ৷
২. ৰঙালাউৰ গুটিত প্ৰচুৰ পৰিমাণে আনছেটুৰেটেড ফেটছ্, Alpha Linolenic acid থাকে, যিয়ে হাৰ্টৰ বিভিন্ন সমস্যা নিৰ্মূল কৰাৰ লগতে কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগক বাধা প্ৰদান কৰে ৷
৩. ৰঙালাওত থকা মেগনেচিয়ামে ভাগৰ দূৰ কৰি ভাল টোপনি অহাত সহায় কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷
৪. ৰঙালাউৰ গুটিৰ তেলে প্ৰস্ৰাৱজনিত বিভিন্ন সমস্যা দূৰ কৰে ৷
৫. ৰঙালাওত থকা প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্টে কোষ ধবংস হোৱাত বাধা প্ৰদান কৰে, যাৰ ফলত মহিলাৰ স্তন কেঞ্চাৰকে ধৰি বিভিন্ন কৰ্কট ৰোগ হোৱাত বাধা দিয়ে ৷
৬. জিংক সমৃদ্ধ ৰঙালাউৰ গুটিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ ইয়াৰ উপৰি মানসিক চাপ, দুশ্চিন্তা দূৰ কৰাত সহায়ক হয় ৷
৭. ইয়াত থকা কেলচিয়ামে অস্তিঅ’পৰ’ছিছৰ সম্ভাৱনা কম কৰে ৷
৮. ফাইবাৰযুক্ত ৰঙালাউৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৌচ খোলোচা কৰে ৷
৯. পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা দূৰ কৰাত ৰঙালাউৰ গুটিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে ৷
১০. দৃষ্টিশক্তিৰ বৃদ্ধিতো ৰঙালাউৰ গুটিৰ আছে অৱদান ৷
১১. ৰঙালাওত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, জিংক, এন্টিঅক্সিডেন্ট, আৱশ্যকীয় ফেটি এচিড থকা বাবে হাৰ্টৰ বাবে উপকাৰী।
১২. মহিলাৰ ৰজোনিবৃত্তিৰ (Menopause) সময়ত দেখা দিয়া বিভিন্ন সমস্যা দূৰ কৰাত ই সহায় কৰে।
১৩. ইয়াত থকা অমেগা ৩ আৰু অমেগা ৬ ফেটি এচিড আৰু প্ৰাকৃতিক উপাদান ফাইট’ইস্ত্ৰজেনে (Phytoesterogen) শৰীৰৰ বাবে উপকাৰী কলেষ্টেৰল HDLৰ পৰিমাণ বৃদ্ধি কৰে।
১৪. চুলি সৰা (Hair Fall) সমস্যাতো সুফল পোৱা যায়, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন, প্ৰটিন, আইৰণ, জিংক, কেলচিয়াম আদি আছে।
চুলিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন, আইৰন আৰু প্ৰটিনৰ খুব প্ৰয়োজন। লগতে চুলিকোচা স্বাস্থ্যবান আৰু উজ্জ্বল কৰাতো ই সহায় কৰে।
১৫. পুৰুষৰ যৌন স্বাস্থ্য বজাই ৰখাত ৰঙালাওৰ গুটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে অত্যন্ত অত্যাৱশ্যকীয়। যৌন গ্ৰন্থি শক্তিশালী কৰিবলৈ আৰু স্বাস্থ্যকৰ হৰমন প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ পুৰুষে ৰঙলাও গুটি খোৱা উচিত।
১৬. নিদ্ৰাহীনতা দূৰ কৰাত ৰঙালাও গুটি খুৱেই উপকাৰী। ইয়াত থকা ট্ৰিপত’ফেন জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰম’ন প্ৰস্তুত কৰাত মূখ্য ভূমিকা পালন কৰে।
১৭. গাঁঠিৰ বিষত ৰঙালাও গুটি উত্তম পথ্য।
১৮. ৰঙালাওৰ গুটিত থকা ফাইবাৰে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
Photo: Google
Discussion about this post