ইলাচীৰ (Cardamom) ব্যৱহাৰ আমি বিভিন্ন ধৰণে কৰো। যদি কোনোবাই খোৱাৰ পিছত মুখৰ সোৱাদ বঢ়াবলৈ ইলাচী খায় আৰু বহুলোকে তেওঁলোকৰ চাহৰ সোৱাদ সলনি কৰিবলৈ ইলাচী ব্যৱহাৰ কৰে। ইলাচী হৈছে সকলোৰে পাকঘৰত থকা এক অতি গুৰুত্বপূৰ্ণ মচলা যাক ছবজী বা ব্যঞ্জনত দি তাৰ সোৱাদ বৃদ্ধি কৰা হয়। কিন্তু আপুনি জানেনে যে ইলাচীৰ বহুতো গুণ আছে যি এটা নহয় বহুতো সমস্যাৰ সমাধান হৈ পৰে। ইলাচীত থকা গুণবোৰে শৰীৰক বিভিন্ন ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইলাচীত Anti-Inflammatory আৰু Antibacterial Properties থাকে যাৰ দ্বাৰা শৰীৰৰ বহুতো লাভালাভ হয়। আহক জানো ইলাচীৰ পৰা হ’বলগীয়া লাভালাভ।
ইলাচীৰ (Cardamom) লাভালাভ-
১. মুখৰ কৰ্কট ৰোগত সহায়কঃ ইলাচীত থকা Anti-Inflammatory Propertiesয়ে মুখৰ কৰ্কট ৰোগ, ছালৰ কৰ্কট ৰোগৰ সৈতে যুঁজিবলৈ সহায়ক হ’ব পাৰে।
২. দ্ৰুতগতিত ওজন হ্ৰাস কৰাত সহায়ক ইলাচীঃ যদি আপুনি বৃদ্ধি হোৱা ওজনক লৈ অসুবিধাত পৰি আছে, তেন্তে আহাৰত ইলাচী অন্তৰ্ভুক্ত কৰক। ইলাচীত থকা পুষ্টিকৰ উপাদানে দ্ৰুতগতিতি ওজন হ্ৰাস কৰাত সহায় কৰে।
৩. শুৱাৰ সময়ত ওলোৱা নাকৰ শব্দৰ (Snoring) পৰা পৰিত্ৰাণ পাবঃ যদি আপোনাৰ সংগী বা সন্তানে প্ৰতিদিনে নাকৰ শব্দ ওলোৱাৰ অভিযোগ কৰে, তেন্তে গৰম পানীৰ সৈতে ইলাচী মিহলি কৰি সেৱন কৰিলে ভাল টোপনি আহে আৰু নাকৰ পৰা ওলোৱা শব্দৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে।
৪. কোষ্ঠকাঠিন্যৰ পৰা তাৎক্ষণিক সকাহ পাবঃ ইলাচী খালে কোষ্ঠকাঠিন্য, এচিডিটি, পেটৰ বিষ আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।
৫. হিকটি ৰখোৱাৰ উপায়ঃ যদি আপুনি হিকটি অহাৰ বাবে অসুবিধাত পৰিছে তেন্তে গৰম পানীত ইলাচী ঢালি উতলাওক আৰু তাৰ পিছত সেইখিনি খাওক। ই আপোনাক তাৎক্ষণিক সকাহ দিব।
৬. শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ পৰা সকাহঃ যদি আপুনি কোনো শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছে তেনেহ’লে ইলাচী আপোনাৰ বাবে অমৃততকৈ কম নহয়।
৭. ইলাচী ডায়েবেটিজ ৰোগীৰ বাবে উপকাৰী হ’ব পাৰেঃ এক গৱেষণা অনুসৰি ইলাচীত থকা এণ্টিঅক্সিডেণ্ট পপাৰ্টীজে শৰীৰৰ Blood Suger Level নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।
৮. যদি আপুনি Nervous অনুভৱ কৰেঃ আপোনাৰ বাৰে-বাৰে Nervous অনুভৱ হয় নেকি। এনে পৰিস্থিতিত ইলাচী খালে অতি সকাহ অনুভৱ কৰিব পাৰে।
৯. মুখৰ গোন্ধ আঁতৰ কৰাৰ কাৰ্যকৰী উপায়ঃ ইলাচী Mouth Freshenerৰ দৰে কাম কৰে। বেছিভাগ মানুহে আহাৰ খোৱাৰ পিছত মুখ সতেজক হিচাপে ইলাচী ব্যৱহাৰ কৰে। দৰাচলতে ইলাচী খালে মুখত বিকশিত হোৱা বেক্টেৰিয়াবোৰ ধ্বংস কৰাত সহায় কৰে, যাৰ ফলত মুখৰ পৰা দুৰ্গন্ধ নাহে।
১০. লিভাৰ সম্পৰ্কীয় সমস্যাত সহায়কঃ বহুতো আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰিবলৈ ইলাচী ব্যৱহাৰ কৰা হয়। ইলাচী খালে আমাৰ লিভাৰে ভাল কাম কৰে। ইলাচীয়ে আমাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
Photo: Google
Discussion about this post