Watch Viral Video: নয়ডাৰ (Noida) ৩৯নং ছেক্টৰত (Sector 39) সংঘটিত হৈছে এক আজৱ ঘটনা (Ajab Incident)। ঘৰৰ কাম কৰাৰ পিছত পাবলগীয়া টকা পৰিশোধ নকৰাৰ বাবেই ৰাজপথত বিলাসী মাৰ্চিডিজ (Set Mercedes car On Fire) জ্বলাই দিলে এজন ৰাজমিস্ত্ৰীয়ে। এই ঘটনাটোৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰাৰ পিছতে গ্ৰেপ্তাৰ (Arrest) কৰা হৈছে অভিযুক্ত ৰণবীৰ নামৰ ৰাজমিস্ত্ৰীজনক।
ভাইৰেল ভিডিঅ’ত (Viral Video) দেখিবলৈ পোৱা অনুসৰি, ৰাজপথত হেলমেট পৰিহিত এজন লোকে এখন বগা ৰঙৰ মাৰ্চিডিজত (Mercedes) প্ৰথমে পেট্ৰ’ল ঢালে আৰু তাৰ পিছত জ্বলাই দিয়ে।
Furious over non payment of ₹ 68,000, a labourer set Mercedes car on fire in Noida's Sector 39.
He has been arrested, reports @AlokReporter pic.twitter.com/6bs98vAs1l
— The New Indian (@TheNewIndian_in) September 14, 2022
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৰণবীৰ নামৰ ৰাজমিস্ত্ৰীজনক ঘৰত টাইলছ লগোৱাৰ ঠিকা দিছিল মাৰ্চিডিজখনৰ গৰাকীয়ে। কিন্তু কাম সম্পূৰ্ণ কৰাৰ পাছতো মিস্ত্ৰীজনে পাবলগীয়া ৬৫ হাজাৰ টকা নিদিয়াত পথৰ ওপৰতে মিস্ত্ৰী আৰু গৰাকীৰ কাজিয়া হয়। আৰু অৱেশষত মালিকৰ মাৰ্চিডিজখনত জুই লগাই দিয়ে ৰণবীৰে।
ইফালে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল (Video Viral) হৈ পৰাৰ পিছতে আৰু মাৰ্চিডিজৰ গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত নয়ডা আৰক্ষীয়ে (Noida Police) গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰাজমিস্ত্ৰী ৰণবাৰীক।
Photo: Twitter
Discussion about this post