‘মহাৰাষ্ট্ৰৰ (Maharastra) ৪০ গৰাকী বিধায়কে (40 Mla) অসমলৈ লক্ষ্মীক আদৰি আনিছে। লক্ষ্মীক খেদি দিব নেকি?’ ‘গুৱাহাটীত সকলো আহিব লাগে ব্যৱসায় বাণিজ্য ভাল হ’ব। চৰকাৰে টেক্স পাব, GST পাব।’- মহাৰাষ্ট্ৰৰ ৪০ গৰাকী বিসম্বাদী বিধায়ক গুৱাহাটীত উপস্থিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। ‘বানপানীৰ সময়ত অসমলৈ লক্ষ্মী আহিছে। ভাল কথা। আমি হোটেলৰ পৰা কৰ পাম। এই সময়তে আমাক পইচা লাগে।’- মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে (Uddhav Thackeray) নেতৃত্বাধীন চৰকাৰক মহাসংকটত পেলাই বুধবাৰে পুৱাই গুজৰাটৰ পৰা গুৱাহাটীত উপস্থিত হয় ৪০ গৰাকী বিসম্বাদী বিধায়ক। বৰ্তমান গুৱাহাটীৰ (Guwahati) হোটেল ৰেডিশ্যন ব্লুত (Radisson Blu) বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ (Maharastra) বিসম্বাদী বিধায়ক কেইগৰাকী।
বিধায়ক কেইগৰাকী গুৱাহাটীত উপস্থিত হোৱাক লৈ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বানপানীৰ সময়ত অসমলৈ পৰ্যটক অহাটো এটা পজিটিভ কথাহে। বান পৰিস্থিতিৰ বাবে এই সময়ত পৰ্যটক অসমলৈ নাহে। কিন্তু লক্ষ্মী আহিছে যেতিয়া অসমে হোটেলৰ পৰা কৰ পাব। এই সময়তে অসমক বেছি ধনৰ প্ৰয়োজন।
তেওঁ কয়, ‘এতিয়া সকলো ৰাজ্যৰ আৰু বিদশৰো ৰাজনৈতিক কেন্দ্ৰ যদি গুৱাহাটীত হয়, তেতিয়াও ভাল পাম। এই সময়তে টকা লাগে ৰাজ্য চৰকাৰক। এই সময়ত যদি হোটেলৰ ৰুম পৰ্যটকৰে ভৰি থাকে, তেন্তে আমি কৰ পাম। এই সময়ত যদি অসমখন খালী হৈ থাকে, তেন্তে আমি কেনেকৈ বানপানীৰ লগত জোৰাটাপলি মাৰিব পাৰিম?’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘লক্ষ্মী যদি আহে, তেন্তে খেদি দিব নেকি? যি ৰাজ্যই লক্ষ্মীক না বুলি কয়, সেই ৰাজ্যই কেতিয়াও উন্নতি কৰিব নোৱাৰে।’
Photo & Input: Khatang Khobor
Discussion about this post